গহপুৰত বাইকৰ খুন্দাত নিহত ট্ৰাফিক কনিষ্টবল, স্বামীক উঠাবলৈ গৈ চিঙিল পত্নীৰ ভৰি

News18 Assam | News18-Assam
Updated:October 25, 2020, 3:10 PM IST
গহপুৰত বাইকৰ খুন্দাত নিহত ট্ৰাফিক কনিষ্টবল, স্বামীক উঠাবলৈ গৈ চিঙিল পত্নীৰ ভৰি
গুৰুত্বৰভাৱে আহত কনিষ্টবলজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে বিহালীৰ কেথলিক মিছন হাস্পতাললৈ নি থকা অৱস্থাতে মৃত্যু ঘটে।

গুৰুত্বৰভাৱে আহত কনিষ্টবলজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে বিহালীৰ কেথলিক মিছন হাস্পতাললৈ নি থকা অৱস্থাতে মৃত্যু ঘটে।

  • Share this:
শাৰদীয় দূৰ্গোৎসৱৰ নিশা গহপুৰৰ ডুবিয়াত সংঘটিত এক পথ দুৰ্ঘটনাত গহপুৰৰ যান-বাহন আৰক্ষীৰ এগৰাকী কনিষ্টবল নিহত হয়। অষ্টমীৰ নিশা গহপুৰ নগৰৰ ট্ৰেফিক পইণ্টত কৰ্তব্য সম্পাদন কৰাৰ অন্তত নিজ গৃহলৈ বুলি এখন ট্ৰাকত আহি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পাৰ হ'ব ধৰোতে এখন দ্ৰুতবেগী বাইকৰ প্ৰচণ্ড খুন্দাত গুৰুতৰভাৱে আহত হয় ৰূপম বৰা নামৰ যান-বাহন আৰক্ষীৰ কনিষ্টবলজন।

গুৰুত্বৰভাৱে আহত কনিষ্টবলজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে বিহালীৰ কেথলিক মিছন হাস্পতাললৈ নি থকা অৱস্থাতে মৃত্যু ঘটে। আনহাতে দুৰ্ঘটনাস্থলীত পত্নী পিংকু বৰাই স্বামীক উঠাবলৈ চেষ্টা কৰি থকা অৱস্থাত এখন মাৰুতি কে–টেন গাড়ীয়ে পুনৰ খুন্দিওৱাৰ ফলত এখন ভৰি ভাঙি যায় পত্নীৰ। সম্প্ৰতি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী।
Published by: Sanjay Kumar Das
First published: October 25, 2020, 3:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading