• Home
  • »
  • News
  • »
  • assam
  • »
  • Traditional Festival: ২৫৪ বছৰীয়া পৰম্পৰা, আঘোণৰ দ্বিতীয়টো দেওবাৰে যোৰহাটৰ বৰভেটিত ন-লগোৱা উৎসৱ

Traditional Festival: ২৫৪ বছৰীয়া পৰম্পৰা, আঘোণৰ দ্বিতীয়টো দেওবাৰে যোৰহাটৰ বৰভেটিত ন-লগোৱা উৎসৱ

অসমৰ ১৩খন জিলাত সিঁচৰতি হৈ থকা মায়ামৰা সমাজৰ লোকসকল গায়ন-বায়নৰ সৈতে আহি ইয়াত অংশগ্ৰহণ কৰিছে।

অসমৰ ১৩খন জিলাত সিঁচৰতি হৈ থকা মায়ামৰা সমাজৰ লোকসকল গায়ন-বায়নৰ সৈতে আহি ইয়াত অংশগ্ৰহণ কৰিছে।

অসমৰ ১৩খন জিলাত সিঁচৰতি হৈ থকা মায়ামৰা সমাজৰ লোকসকল গায়ন-বায়নৰ সৈতে আহি ইয়াত অংশগ্ৰহণ কৰিছে।

  • Share this:

যোৰহাট জিলা (Jorhat district)ৰ পশ্চিমৰ ঐতিহাসিক মালৌপথাৰস্থিত পৱিত্ৰ বৰভেটিত আঘোণৰ দ্বিতীয়টো দেওবাৰে অনুষ্ঠিত হয় ২৫৪সংখ্যক ন-লগোৱা উৎসৱ। এই ধৰ্মীয় পৰম্পৰাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে পূৰ্বৰ দৰে এইবাৰো হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে।


হাজাৰ হাজাৰ ভক্তৰ সমাগমে ঐতিহাসিক বৰভেটিক পৰিণত কৰিছে এক পুণ্যতীৰ্থলৈ। উল্লেখ্য যে মালৌপথাৰৰ ঐতিহাসিক বৰভেটি সমগ্ৰ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ তথা সত্র সমাজৰ (Mayamara Satras) বাবে এক পৱিত্র স্থান (Holly Place)।


ভাৰতীয় ইতিহাস (Indian History)ত শাসকৰ বিৰুদ্ধে শোষিতৰ প্ৰথমটো গণ অভ্যুত্থান ৰূপে পৰিগণিত মোৱামৰীয়া বিদ্ৰোহৰ এক জীৱন্ত সাক্ষী এই বৰভেটি। আহোমৰ ছশ বছৰীয়া ৰাজত্ব কালত ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হ’ব লাগে বুলি প্ৰচাৰ কৰা বাণী অমান্য কৰি মোৱামৰীয়া বা মায়ামৰা বৈষ্ণৱবৃন্দ ফালৰি কাটি আহিছিল।


ফলত ৰজাৰ অত্যাচাৰত মায়ামৰা বৈষ্ণৱবৃন্দ (Mayamara Vaishnava)ৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। তেতিয়াই শদিয়াৰ পৰা ধুবুৰীলৈকে মায়ামৰা বৈষ্ণৱসকলে একতাৰ বান্ধোনেৰে শক্তি প্ৰৰ্দশন কৰিবলৈ মায়ামৰা সত্রৰ নৱম সত্রাধিকাৰ অষ্টভুজদেৱৰ নেতৃত্বত গুৰু-শিষ্য সমন্বিতে বহু সংখ্যক ভক্তই মালৌপথাৰৰ এদোখৰ দ’ ঠাইত ১৭৬৮ খ্ৰীষ্টাব্দত ৰাম নাম উচ্চাৰণ কৰি এচপৰাকৈ মাটি দি বৰভেটি স্থাপন কৰি শক্তিৰ প্ৰমাণ কৰে। এই বৰভেটিক ধৰ্ম ভেটি হিচাপেও গণ্য কৰা হয়।


সু-বিশাল মালৌপথাৰৰ বুকুত থকা এই শ্ৰীশ্ৰী অষ্টভুজ দেৱৰ বৰভেটিতে মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাৱে আঘোণ মাহৰ দ্বিতীয়টো দেওবাৰে উদযাপন কৰি আহিছে এই  ন-লগোৱা উৎসৱ। মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে পথাৰত খেতি চপোৱাৰ পিছত প্ৰথমে সেই শস্য বৰভেটিত ধৰ্মীয় নীতি-নিয়মেৰে শ্ৰীশ্ৰী অষ্টভুজদেৱলৈ উছৰ্গা কৰাৰ পিছতহে ব্যৱহাৰ কৰি আহিছে।


সেই পৰম্পৰা ৰক্ষা কৰি দেওবাৰে বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিয়ে উলহ-মালহেৰে উদযাপন কৰিছে ন-লগোৱা উৎসৱ (Na lagowa Utshab)। কিন্তু এই ন-লগোৱা উৎসৱ বৰ্তমান মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই । অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বৰভেটিলৈ সেৱা আগবঢ়াবলৈ ভক্তসকলৰ আগমন ঘটে ।


"মায়ামৰা সম্প্ৰদায়ৰ লোকসকল প্ৰধানকৈ যিহেতু কৃষিকৰ্মৰ সৈতে জড়িত। সেয়েহে খেতি চপোৱাৰ পিছত তেওঁলোকে উৎপাদন কৰা  শস্য প্ৰথমে আনি বৰভেটিত অৰ্পণ কৰে। তাৰ পিছত তেওলোকে নিজৰ ঘৰ, নামঘৰ বা গাঁৱত সেই শস্যৰে ন খায় । অসমৰ ১৩খন জিলাত সিঁচৰতি হৈ থকা মায়ামৰা সমাজৰ লোকসকল গায়ন-বায়নৰ সৈতে আহি ইয়াত অংশগ্ৰহণ কৰিছে। গুৰু শ্ৰীশ্ৰী অষ্টভুজদেৱৰ আহ্বানত সেই সময়ত মায়ামৰা সমাজৰ লোকসকলে প্ৰদৰ্শন কৰাৰ দৰেই শৃংখলা বৰ্তমানো সকলোৱে বজাই ৰাখিছে। " বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সভাপতি পূৰ্ণকান্ত বৰাই এনেদৰে কয়।


বৰভেটিত চাকি জ্বলাই সেৱা আগবঢ়ালে মনৰ ইচ্ছা পূৰণ হয় বুলি লোকবিশ্বাস আছে । আনহাতে বৰভেটিত নিমখ দান কৰাটোক লৈও ভক্তসকলৰ মাজত আছে আন এক লোকবিশ্বাস। ক'ভিড পৰিস্থিতিৰ পিছত এইবাৰ বৰভেটি (Barbheti)ত অনুষ্ঠিত ন-লগোৱা উৎসৱলৈ অহা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত কম।


 Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: