• Home
  • »
  • News
  • »
  • assam
  • »
  • Majuli : মাজুলীবাসীৰ মূৰত বাজিছে বিপদঘণ্টা ! পুনৰ আন এক দুৰ্যোগৰ সন্মুখত মাজুলী!

Majuli : মাজুলীবাসীৰ মূৰত বাজিছে বিপদঘণ্টা ! পুনৰ আন এক দুৰ্যোগৰ সন্মুখত মাজুলী!

৪৮ ঘণ্টাৰ বাবে মাজুলীৰ সকলো ব্যৱসায়ীক প্ৰতিস্থান বন্ধৰ ঘোষণা মাজুলী জিলা বণিক সন্থাৰ।

৪৮ ঘণ্টাৰ বাবে মাজুলীৰ সকলো ব্যৱসায়ীক প্ৰতিস্থান বন্ধৰ ঘোষণা মাজুলী জিলা বণিক সন্থাৰ।

৪৮ ঘণ্টাৰ বাবে মাজুলীৰ সকলো ব্যৱসায়ীক প্ৰতিস্থান বন্ধৰ ঘোষণা মাজুলী জিলা বণিক সন্থাৰ।

  • Share this:
৮ ছেপ্তেম্বৰত নিমাতী ঘাটৰ সমীপত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাৰ পাছত সকলো একক ইঞ্জিন চালিত গুটীয়া নাও বন্ধ কৰিছিল ৰাজ্য চৰকাৰে । তাৰ পাছত খাদ্য সামগ্ৰী আৰু বিভিন্ন ব্যবসায়ীক প্ৰতিস্থানৰ বয়-বস্তু অনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মূখীন হৈ আহিছে মাজুলীৰ ব্যৱসায়ীসকল । মাজুলী জিলা প্ৰশাসনে এখন নাও সামগ্ৰী কঢ়িয়াবৰ বাবে সপ্তাহটোৰ ৪ দিন (সোমবাৰ, মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে) নিমাতীৰ পৰা কমলাবাৰী পাৰঘাটলৈ আৰু ৩ দিন (বুধবাৰ, শুক্ৰবাৰ আৰু দেওঁবাৰে) নিমাতী ঘাটৰ পৰা অফলামূখ পাৰঘাটলৈ   চলাৰ ব্যৱস্থা কৰিছিল । কিন্তু পূৰ্বে ১০০০ কুইণ্টলৰ অধিক সামগ্ৰী দৈনিক পাৰাপাৰ হোৱা নিমাতী আৰু মাজুলীৰ মাজত বৰ্ত্তমান তাৰ আধা সামগ্ৰীও আনিব পৰা নাই ব্যৱসায়ীসকলে । যাৰ ফলত নদীদ্বীপত এতিয়া খাদ্যসামগ্ৰীকে ধৰি নানান জৰুৰী সামগ্ৰীৰ অনাটনে দেখা দিছে।

এই সমস্যা সমাধানৰ বাবে মাজুলী জিলা উপায়ুক্তক  ৩ বাৰ স্মাৰকপত্ৰ দিয়াৰ পাছতো কোনো সদুত্তৰ লাভ নকৰাত মাজুলী জিলা বণিক সন্থাই সোমবাৰ ১১ অক্টোবৰ  আৰু মঙ্গলবাৰ ১২ অক্টোবৰত সমগ্ৰ মাজুলীৰ ব্যৱসায়ীক প্ৰতিস্থানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে মাজুলীৰ বিভিন্ন স্থানৰ ব্যৱসায়ীসকলে সন্মতি জনাই ৪৮ ঘণ্টাৰ বাবে সকলো দোকান-বজাৰ বন্ধ ৰাখিব বুলি মাজুলী জিলা বণিক সন্থাৰ সভাপতি জীবন বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । আনহাতে খাদ্য-সামগ্ৰীৰ নাটনিয়ে দেখা দিছে বুলিও মন্তব্য কৰে সভাপতি তথা ব্যৱসায়ীসকলে ।

আনহাতে এই বন্ধৰ সময়ত অত্যাবশ্যকীয় সেৱাৰ লগত জড়িত প্ৰতিস্থান সমূহ খোলা থাকিব বুলিও জানিবলৈ দিয়ে মাজুলী জিলা বণিক সন্থাৰ বিষয়ববীয়াই । আনহাতে ৪৮ ঘণ্টীয়া এই বন্ধৰ বাবেই মাজুলীৰ সাধাৰণ জনতা যে এক সাময়িক দুৰ্যোগৰ সন্মূখীন হ'ব সেয়া সচেতন লোকে মন্তব্য প্ৰকাশ কৰিছে ।  কিন্তু নিমাতী দুৰ্ঘটনাৰ এমাহ অতিক্ৰম কৰাৰ পাছতো মাজুলীলৈ খাদ্য-সামগ্ৰী বা অন্য বয়-বস্তু অনাৰ ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে বিশেষ গুৰুত্ব নিদিয়াক লৈ ব্যবসায়ীসকলে এনেদৰেই প্ৰতিবাদ জনাবলৈ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে।
Published by:Manjumoni Borah
First published: