• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙালৈ সোঁত বৈছে পৰ্যটকৰ, হাঁহি বিৰিঙিছে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ মুখত

কাজিৰঙালৈ সোঁত বৈছে পৰ্যটকৰ, হাঁহি বিৰিঙিছে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ মুখত

দুৰ্গা পূজাৰ আৰম্ভণি দিনৰে পৰা কাজিৰঙাত ভৰি পৰিছে দেশীয় পৰ্যটক। ধাবা, ৰেষ্টুৰেণ্ট, ল'জ সকলোতে ভৰি পৰিছে পৰ্যটক।

দুৰ্গা পূজাৰ আৰম্ভণি দিনৰে পৰা কাজিৰঙাত ভৰি পৰিছে দেশীয় পৰ্যটক। ধাবা, ৰেষ্টুৰেণ্ট, ল'জ সকলোতে ভৰি পৰিছে পৰ্যটক।

দুৰ্গা পূজাৰ আৰম্ভণি দিনৰে পৰা কাজিৰঙাত ভৰি পৰিছে দেশীয় পৰ্যটক। ধাবা, ৰেষ্টুৰেণ্ট, ল'জ সকলোতে ভৰি পৰিছে পৰ্যটক।

  • Share this:
হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকলৰ মুখত। কোভিড মহামৰীয়ে বিগত দুটা পৰ্যটন বৰ্ষ বেয়াকৈ ক্ষতি কৰাৰ পাছত চলিত পৰ্যটন বৰ্ষই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কাজিৰঙালৈ। যোৱা ১ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পিছত পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ। দুৰ্গা পূজাৰ আৰম্ভণি দিনৰে পৰা কাজিৰঙাত ভৰি পৰিছে দেশীয় পৰ্যটক। ধাবা, ৰেষ্টুৰেণ্ট, ল'জ সকলোতে ভৰি পৰিছে পৰ্যটক।

পৰ্যটন ব্যৱসায়ী সকলৰ আশা কৰুণাৰ তৃতীয় ঢৌৱে প্ৰভাৱিত নকৰিলে এইবাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া নহয় পৰ্যটন ব্যৱসায়ীসকল। সেয়েহে, ব্যৱসায়ীসকলৰ আহ্বান, কোভিড প্ৰট'কল মানি সকলো আহক কাজিৰঙালৈ। পৰ্যটন ব্যৱসায়ী সকলে জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙালৈ আগমন ঘটা পৰ্যটকৰ ৬০% থলুৱা আৰু ৪০% বহিঃৰাজ্যৰ পৰ্যটক।

আনহাতে, বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি উৎফুল্লিত হৈ পৰিছে। উল্লেখযোগ্য যে, পহিলা নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী ছাফাৰী।
Published by:Sanjay Kumar Das
First published: