• Home
  • »
  • News
  • »
  • assam
  • »
  • Batadrawa Incident: বটদ্ৰৱা কাণ্ডৰ পিছতে গুৰুজনাৰ জন্মস্থানত কমিছে দৰ্শনাৰ্থী, সুৰক্ষাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে লৈছে ব্যৱস্থা

Batadrawa Incident: বটদ্ৰৱা কাণ্ডৰ পিছতে গুৰুজনাৰ জন্মস্থানত কমিছে দৰ্শনাৰ্থী, সুৰক্ষাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে লৈছে ব্যৱস্থা

Batadrawa Incident: বটদ্ৰৱা থানা আক্ৰমণৰ পিচতে বটদ্ৰৱাত হ্ৰাস পাইছে দৰ্শনাৰ্থীৰ সংখ্যা, বটদ্ৰৱাত অশান্তি বিয়পাবলৈ বিচাৰিছে কোনে?

Batadrawa Incident: বটদ্ৰৱা থানা আক্ৰমণৰ পিচতে বটদ্ৰৱাত হ্ৰাস পাইছে দৰ্শনাৰ্থীৰ সংখ্যা, বটদ্ৰৱাত অশান্তি বিয়পাবলৈ বিচাৰিছে কোনে?

Batadrawa Incident: বটদ্ৰৱা থানা আক্ৰমণৰ পিচতে বটদ্ৰৱাত হ্ৰাস পাইছে দৰ্শনাৰ্থীৰ সংখ্যা, বটদ্ৰৱাত অশান্তি বিয়পাবলৈ বিচাৰিছে কোনে?

  • Share this:
যোৱা ২১ মে'ত বটদ্ৰৱা আৰক্ষী থানাত (Batadrawa Police Station) একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰি অগ্নিসংযোগ কৰাৰ পিছৰে পৰা উদ্বেগজন ভাৱে বটদ্ৰৱা থান (Batadrawa Than)ত হ্ৰাস পাইছে দৰ্শনাৰ্থীৰ সংখ্যা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardev)ৰ পূণ্য জন্মভূমি হিচাপে খ্যাত বটদ্ৰৱালৈ প্ৰতিদিনেই যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰ আগমন ঘটে। উজনিৰ পৰা নামনিলৈ বহু ভকত-বৈষ্ণৱে বটদ্ৰৱা থানত সেৱা ল'বলৈ অহাৰ লগতে বিভিন্ন ঠাইৰ পৰ্য্যটক (Tourists)ৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুও এই বটদ্ৰৱা থান।

পিছে ২১মেৰ ঘটনাই (Batadrawa Incident) যেন আতংকিত কৰিছে বটদ্ৰৱালৈ আহিব বিচৰা দৰ্শনাৰ্থী সকলক। সেয়ে প্ৰতিদিনে শতাধিক লোকৰ আগমন ঘটা বটদ্ৰৱা থানত বিগত দিনকেইটাৰ দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ঘটনা সংঘটিত হোৱাৰ পিছদিনাৰ পৰাই যেন জনশূণ্য হৈ পৰিছে এই থানখন। অৱশ্যে বটদ্ৰৱা থানৰ সুৰক্ষাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত লৈছে আৰু বটদ্ৰৱালৈ আহিব বিচৰা দৰ্শনাৰ্থী সকলৰ বাবে শংকাৰ কোনো কাৰণো নাই। তথাপিও বটদ্ৰৱাত হোৱা হিংসাত্মক ঘটনাই (Batadrawa Incident)  যথেষ্ট প্ৰভাৱ পেলাইছে পৱিত্ৰ তীৰ্থস্থান খনত।

গুৰুজনাৰ জন্মস্থান ৰূপে খ্যাত বটদ্ৰৱাত  অশান্তি বিয়পোৱা কাৰ্যই ক্ষোভিত কৰি তুলিছে নগঞা ৰাইজকো। জিলাখনৰ ৰাইজে  এনে দুষ্ট শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে।
Published by:Manjumoni Borah
First published: