জাতিংগা। বৰাইল পাহাৰৰ দাঁতত অৱস্থিত জাতিংগা এখন সৰু গাঁও, য'ত মিটাৰগজ ৰে'ল থকাৰ সময়ত এটা সৰু ষ্টেচন আছিল। অৱশ্যে জাতিংগা নামটো শুনাৰ লগে লগে আমাৰ মনত পোন প্ৰথমতে পৰিভ্ৰমী চৰাইৰ কথা মনলৈ আহে আৰু অহাটো স্বাভাৱিক। পৰিভ্ৰমী চৰাইৰ উপৰি জাতিংগা কমলা-লেবুৰ বাবে আজিও বিখ্যাত।
কিন্তু আজি আমি পাহাৰীয়া ডিমা হাছাও জিলাৰ শতবৰ্ষ প্ৰাচীন মিটাৰ গজৰ সেউজীয়া জাতিংগা ৰে'ল ষ্টেচনৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। কাৰণ পৰ্যটনৰ অধিক সম্ভাৱনা থকাৰ পিছতো শতবৰ্ষ প্ৰাচীন জাতিংগা ষ্টেচন আজিও পৰিত্যক্ত অৱস্থাত আছে। উত্তৰ-পূব ৰে'লৱে বা ৰাজ্য চৰকাৰে কোনো বিহিত ব্যৱস্থা লোৱা নাই।
অথচ উত্তৰ-পূব ৰে'লৱেৰ ফালৰ পৰা ডিমা হাছাও জিলাৰ কিছুমান ঠাই বিশেষকৈ মাহুৰৰ পৰা হাৰাংগাজাওলৈকে হেৰিটেজ মিটাৰগজ ৰে'লপথ সংৰক্ষিত কৰি ৰখাৰ উপৰি পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে হেৰিটেজ ট্ৰেন চলোৱাৰ পৰিকল্পনা আছিল।
কিন্তু তেনেক্ষেত্ৰত পৰৱৰ্তী সময়ত কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। ৰে'ল ট্ৰেক উঠাই দিয়াৰ লগে লগে বৰ্তমানে পুৰণি জাতিংগা ৰে'ল ষ্টেচন ধ্বংসস্তুপত পৰিণত হৈছে। হাবি জংঘলে প্ৰাচীন ষ্টেচনক গ্ৰাস কৰি পেলোৱাৰ উপক্ৰম হৈছে। কোনো এটা সময়ত কৰ্মব্যস্ত হৈ থকা জাতিংগা ষ্টেচন আজি অকলশৰীয়া হৈ পৰিছে।
ৰে'ল ষ্টেচন নথকাৰ বাবে ৰে'ল কৰ্মচাৰীসকল বেলেগ ঠাইলৈ বদলি কৰা হৈছে, যাৰ বাবে জাতিংগাত এতিয়া ট্ৰেইনৰ শব্দ পোৱাটো কঠিন হৈ পৰিছে। ইংৰাজৰ দিনতে নিৰ্মাণ হোৱা টানেল, ৰে'ল ট্ৰেক এনে পৰিত্যক্ত অৱস্থাত থকাৰ উপৰি স্থানীয় ৰাইজ এতিয়াও অপেক্ষাত আছে যে ভৱিষ্যত্ দিনত হেৰিটেজ ট্ৰেন চলোৱাৰ ক্ষেত্ৰত ৰে'ল কৰ্তৃপক্ষৰ ফালৰ পৰা ব্যৱস্থা লোৱা হ'ব। কিন্তু ইয়াৰ পিছতো ৰে'ল বা ৰাজ্য চৰকাৰ নিমাত। অথচ সেউজীয়া জাতিংগাত পৰ্যটনৰ অধিক সম্ভাৱনা আছে। তথাপি সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা লয় এয়া সময়ত নিশ্চিত হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।