প্ৰিয়ংকা চোপ্ৰাই দেখা নোপোৱা পৰ্যটন বিভাগৰ এটা ১৭ কোটিটকীয়া ‘ভূত বাংলো’

News18 Assam | News18-Assam
Updated:December 2, 2019, 3:04 PM IST
প্ৰিয়ংকা চোপ্ৰাই দেখা নোপোৱা পৰ্যটন বিভাগৰ এটা ১৭ কোটিটকীয়া ‘ভূত বাংলো’
হাবি–জংঘলে আৱৰি ধৰিছে ১৭ কোটি টকাৰে নিৰ্মিত নগাঁৱৰ পৰ্যটন নিবাস

হাবি–জংঘলে আৱৰি ধৰিছে ১৭ কোটি টকাৰে নিৰ্মিত নগাঁৱৰ পৰ্যটন নিবাস

  • Share this:
কোটি কোটি টকা ব্যয় কৰি বলীউদৰ চেলিব্ৰেটী আনি অসমৰ পৰ্যটনৰ বিকাশৰ কথা চিন্তা কৰা অসম চৰকাৰৰ পৰ্যটন বিভাগে পাহৰিলে ৪ তাৰকাযুক্ত হোটেলৰ আৰ্হিত নিৰ্মিত নগাঁৱৰ পৰ্যটন নিবাসৰ কথা। পূৰ্বৰ চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনৰ আমোলত নিৰ্মাণ হোৱা এই ১৭ কোটিটকীয়া পৰ্যটন আৱাসটো এতিয়া হাবি–জংঘলে আৱৰি ধৰিছে।

নগাঁৱৰ আৱৰ্ত ভৱনৰ সন্মুখতে থকা এই পৰ্যটন আৱাসটো ২০১৪ চনতে তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইনে মুকলি কৰিছিল যদিও আজিপৰ্যন্ত পৰ্যটকৰ বাবে থকাৰ উপযোগী হৈ নুঠিল। মুলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকক লক্ষ্য কৰি পৰ্যটন বিভাগে নিৰ্মাণ কৰা বিলাসী আৱাস গৃহটো এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে।

উল্লেখযোগ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত নগাঁৱত পৰ্যটনৰ ক্ষেত্ৰত বহু কোটিটকীয়া প্ৰকল্প লোৱা হৈছিল যদিও একাংশ ঠিকাদাৰ-আমোলাৰ লুণ্ঠনৰ বাবেই সেই প্ৰকল্পসমূহ বৰ্তমান অস্তিত্বহীন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি