আজমীৰ শ্বৰীফৰ পৰা অহা লোকে নমাই আনিছে শংকা, কোৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

৮ জনকৈ ৰোগী ধৰা পৰাৰ পিছত এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৰাজ্যত
৮ জনকৈ ৰোগী ধৰা পৰাৰ পিছত এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৰাজ্যত
- News18 Assam
- Last Updated: May 8, 2020, 3:47 PM IST
আজমীৰ শ্বৰীফৰ পৰা অহা লোকে নমাই আনিছে শংকা।এই পৰ্যন্ত আজমীৰৰ পৰা শিলচৰ অভিমুখে উভতি অহা পাঁচজনৰ দেহত খৰা পৰিছে কোৰোণাৰ অৱস্থিতি। ইফালে এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজমীৰৰ পৰা একেখন বাছতে অন্যান্য লোকৰ সৈতে আহিছিল কোৰোণাত আক্ৰান্ত হোৱা লোককেইজন। ইতিমধ্যে জিলা উপায়ুক্তই ১১ টা স্থান কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। আনহাতে কাছাৰৰ ১৮৫ জনক কোৱাৰেণ্টাইন কৰা হৈছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।