• Home
  • »
  • News
  • »
  • assam
  • »
  • Total Containment Zone In Assam: কণ্টেইনমেণ্ট জিলাৰ তালিকাত থকা যোৰহাটৰ বাবে আছে ভাল খবৰ! আনসমূহ জিলাত কি হ'ব? জানি লওক

Total Containment Zone In Assam: কণ্টেইনমেণ্ট জিলাৰ তালিকাত থকা যোৰহাটৰ বাবে আছে ভাল খবৰ! আনসমূহ জিলাত কি হ'ব? জানি লওক

প্ৰতীকী ফটো

প্ৰতীকী ফটো

যোৰহাট জিলাত ২২ জুলাই পৰ্যন্ত ১৮ বছৰ উৰ্ধ্বৰ নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় ৭১ শতাংশ লোকক ভেকচিন প্ৰদান কৰা হৈছে ।

  • Share this:
কণ্টেইনমেণ্ট জিলাৰ তালিকাত থকা যোৰহাটলৈ অহা সপ্তাহত আহিব পাৰে ভাল খবৰ । বৰ্তমান ২৪ ঘণ্টাই সান্ধ্য আইন বলৱৎ থকা জিলাখনত ক্ৰমাৎ উন্নত হ'বলৈ ধৰিছে কোভিড পৰিস্থিতি। আগন্তুক দিনকেইটাত কভিড সংক্ৰমনৰ হাৰ বৃদ্ধি নহ'লে যোৰহাট জিলা ৰেড ডিষ্ট্ৰিক্টৰ তালিকাৰ পৰা বাহিৰ হোৱাৰ লগতে আন বহু ক্ষেত্ৰত জিলাখনত বৰ্তমান বলৱৎ থকা নিষেধাজ্ঞাসমূহ দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে কোভিডৰ সংক্ৰমণৰ হাৰে যোৰহাটবাসীক জৰ্জৰিত কৰিলেও ইয়াৰ সমান্তৰালকৈ যোৰহাটবাসীলৈ আছে আন এটা ভাল খবৰ ।

বিগত কিছুদিনত যোৰহাটত কোভিডৰ সংক্ৰমনৰ হাৰে উদ্বিগ্ন কৰি ৰাখিছিল সকলোকে। অৱশ্যে নগৰ অঞ্চলৰ বিপৰীতে গ্ৰাম্যাঞ্চল তথা কোভিডৰ স্পৰ্শকাতৰ অঞ্চল ৰূপে চিহ্নিত অঞ্চলসমূহতে সংক্ৰমণৰ হাৰ অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল। কিন্তু শেহতীয়াকৈ যোৰহাটত হ্ৰাস পাইছে সংক্ৰমনৰ হাৰ। 22 জুলাইত জিলাখনত সংক্ৰমনৰ হাৰ আছিল 1.62 শতাংশ । সেইদিনা ৬,২২৪ টা ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ১০১ জন লোকৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছিল। 23 জুলাইৰ দিনটোতো যোৰহাটত সংক্ৰমনৰ হাৰ হ্ৰাস পাই ১.১৬ শতাংশ হৈছে। শুকুৰবাৰে যোৰহাটত কৰা ৬,৫৬৫টা ৰেপিড এণ্টিজেন টেষ্টৰ ৭৬টা কোভিড পজিটিভ পোৱা গৈছে। এনেদৰে সংক্ৰমন হ্ৰাস হৈ থাকিলে আগন্তুক সপ্তাহটোত যোৰহাট জিলালৈ বহুখিনি ভাল খবৰ অহাটো নিশ্চিত। সেয়েহে যোৰহাট জিলা প্ৰশাসনে যোৰহাটবাসী ৰাইজক কোভিড প্ৰোটকলসমূহ মানি চলিবলৈ পুনৰ আহ্বান জনাইছে ।

" সকলো নিৰ্ভৰ কৰিছে যোৰহাটবাসী ৰাইজৰ ওপৰত। দুদিন ক্ৰমাগত ভাৱে কোভিড সংক্ৰমণৰ হাৰ বহুখিনি হ্ৰাস পাইছে। বৰ্তমান আমাৰ লক্ষ্য হ'ব লাগে যে, আগন্তুক দিনসমূহত যাতে এই হাৰ কোনো প্ৰকাৰে বৃদ্ধি নহয়। তেতিয়া যোৰহাট ৰেড ডিষ্ট্ৰিক্টৰ তালিকাৰ পৰা মুক্ত হোৱাৰ লগতে জিলাখনত বলৱৎ থকা নিষেধাজ্ঞা বহুখিনি শিথিল হোৱাৰো সম্ভাৱনা আছে । কিন্তু এই সকলোবোৰ নিৰ্ভৰ কৰিছে ৰাইজে কোভিড প্ৰোটকল মানি চলাৰ ওপৰত। "-,যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মণে এনেদৰে কয়।

ইফালে যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সম্পূৰ্ণ কণ্টেইনেণ্টত থকা ৫খন জিলাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।  সম্পূৰ্ণ কণ্টেইনমেণ্ট (Total Containment)হৈ থকা জিলা ৫খনত সোমবাৰৰ পৰা কাৰ্ফিউ শিথিল কৰাৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলিও জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু ৫ আগষ্টৰ পূৰ্বে খোলা নহয় আন্তঃজিলা যাতায়াত (Inter District Transport)।
অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই সপ্তাহত এদিন বা দুদিনকৈ আন্তজিলা যাতায়াত খোলাৰ ব্যৱস্থা কৰা হ'ব পাৰে বুলিও মন্তব্য কৰিছে।
Published by:Himangshu Bhuyan
First published: