• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত পুনৰ ২৫জন PFI নেতা–কৰ্মীক আটক, ৮ জিলাত চলিছিল আৰক্ষীৰ অভিযান

অসমত পুনৰ ২৫জন PFI নেতা–কৰ্মীক আটক, ৮ জিলাত চলিছিল আৰক্ষীৰ অভিযান

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই মুঠ ১০জন PFI সদস্যক আটক কৰিছে৷ লক্ষীপুৰ, গোৱালপাৰা, মাটিয়া, ৰংজুলি, ধূপধৰা থানা এলেকাত চলিছিল অভিযান৷

  • Share this:
PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। দেশৰ আন ৰাজ্যৰ লগতে অসমতো চলিছে পিএফআইৰ বিৰুদ্ধে অভিযান। পুনৰ অসমৰ ৮খন জিলাৰ পৰা মুঠ ২৫জন পিএফআই নেতা–কৰ্মীক আটক কৰা হৈছে। ইয়াৰ ভিতৰত কামৰূপ জিলাৰ পৰা ৫জন, গোৱালপাৰাৰ পৰা ১০জন, কৰিমগঞ্জৰ পৰা এজন, ওদালগুৰিৰ পৰা এজন, দৰঙৰ পৰা এজন, ধুবুৰীৰ পৰা তিনিজন, বৰপেটাৰ পৰা দুজন আৰু বাক্সাৰ পৰা দুজনক আটক।

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই মুঠ ১০জন PFI সদস্যক আটক কৰিছে৷ লক্ষীপুৰ, গোৱালপাৰা, মাটিয়া, ৰংজুলি, ধূপধৰা থানা এলেকাত চলিছিল অভিযান৷

ইফালে, ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় তিনি PFI নেতা। বিলাসীপাৰাৰ নায়েৰ আলগা আৰু টিলাপাৰাৰ পৰা আটক কৰে আৰক্ষীয়ে। ধৃতকেইজন আব্দুল হামিদ, আব্দুছ ছালাম তালুকদাৰ আৰু লুৎফৰ ৰহমান।

উল্লেখযোগ্য যে দেশৰ ৭খন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, অসম, কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰত পিএফআইৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি