ম্যানমাৰত আলফাৰ শীৰ্ষ নেতা ৰূপান্তৰ অসমৰ দেহাৱসান 

আলফাৰ কেম্পত হৃদৰোগত আক্ৰান্ত হৈ  শেষ নিশ্বাস ত্যাগ আলফা নেতাজনৰ। ম্যানমাৰ কেম্পৰ শীৰ্ষ নেতৃত্বই পৰিয়ালৰ লোকক এই কথা জনায়। 

news18assam
Updated:June 5, 2019, 5:25 PM IST
ম্যানমাৰত আলফাৰ শীৰ্ষ নেতা ৰূপান্তৰ অসমৰ দেহাৱসান 
আলফাৰ শীৰ্ষ নেতা ৰূপান্তৰ অসম
news18assam
Updated: June 5, 2019, 5:25 PM IST
আলফাৰ শীৰ্ষ নেতা ৰূপান্তৰ অসম ওৰফে ৰূপান্তৰ কাকতিৰ মৃত্যু। আলফাৰ কেম্পত হৃদৰোগত আক্ৰান্ত হৈ  শেষ নিশ্বাস ত্যাগ আলফা নেতাজনৰ। ম্যানমাৰ কেম্পৰ শীৰ্ষ নেতৃত্বই পৰিয়ালৰ লোকক এই কথা জনায়। আলফাৰ বহু কেইটা অপাৰেচনৰ নেতৃত্ব বহন কৰা ৰূপান্তৰ দুৰ্ধৰ্ষ নেতাৰ অন্যতম আছিল।



পত্নী তথা আলফা নেত্ৰী মাজনী দাস আৰু দুই বছৰীয়া কন্যাক এৰি গ’ল ৰূপান্তৰ অসমে।

শিৱসাগৰৰ সমীপৰ কাথপাৰ গাঁৱৰ নিবাসী আছিল মৃত আলফা নেতাজন। ১৯৮৯ত আলফাত যোগদান কৰিছিল। ১৯৯০ত ঘৰ এৰি আলফা শিবিৰলৈ গৈ পুনৰ ঘৰলৈ উভতি অহা নাছিল ৰূপান্তৰ অসম ওৰফে ৰূপান্তৰ কাকতি।
আৰু চাওক পৰৱৰ্তী বাতৰি