உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিহুৰ বাবে শিল্পীসকল, কোন শিল্পীয়ে নিৰ্ধাৰণ কৰিছে কিমান মাননী?

    বিহুৰ বাবে শিল্পীসকল, কোন শিল্পীয়ে নিৰ্ধাৰণ কৰিছে কিমান মাননী?

    কিন্তু কোভিডসৃষ্ট এই পৰিস্থিতিৰ মাজত কোনজন শিল্পীয়ে বিহু মঞ্চৰ বাবে কিমান মাননী নিৰ্ধাৰণ কৰিছে?

    কিন্তু কোভিডসৃষ্ট এই পৰিস্থিতিৰ মাজত কোনজন শিল্পীয়ে বিহু মঞ্চৰ বাবে কিমান মাননী নিৰ্ধাৰণ কৰিছে?

    কিন্তু কোভিডসৃষ্ট এই পৰিস্থিতিৰ মাজত কোনজন শিল্পীয়ে বিহু মঞ্চৰ বাবে কিমান মাননী নিৰ্ধাৰণ কৰিছে?

    • Share this:
    পদূলিমুখত হেঁপাহৰ ৰঙালী। ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত। প্ৰান্তে প্ৰান্তে এতিয়া শুনিবলৈ পোৱা গৈছে ধোলৰ গুমগুমনি। বিহুৰ আখৰাত ব্যস্ত ডেকা–গাভৰুসকল। বিহু মঞ্চত কঁকাল ভাঙিবলৈ এতিয়া দিনে–নিশা চলাইছে প্ৰস্তুতি। কোৰোণা মহামাৰীয়ে চৌদিশে উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ সময়তো ম্লান পৰা নাই বিহুৰ আনন্দ। ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা, ঢোল–পেঁপা–গগণাৰ মাতত ৰজনজনাইছে আকাশ–বতাহ।

    বিগত বৰ্ষত কোৰোণাৰ বাবে বিহু উদযাপন কৰিব নোৱাৰে অসমীয়াই এইবাৰ নতুন উদ্যমেৰে চলাইছে বিহুৰ প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই শিল্পীসকলো। বিহুৰ মঞ্চ কঁপাবলৈ এতিয়া সাজু হৈছে ৰাজ্যৰ শিল্পীসকল। বিগত বৰ্ষত কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱা শিল্পীসকলৰ মনত এইবাৰ নতুন আশা। বিহু হ’ব বুলি চৰকাৰে ঘোষণা কৰাৰ পিছৰে পৰা উৎফুল্লিত হৈ পৰিছে শিল্পী সমাজ।

    কিন্তু কোভিডসৃষ্ট এই পৰিস্থিতিৰ মাজত কোনজন শিল্পীয়ে বিহু মঞ্চৰ বাবে কিমান মাননী নিৰ্ধাৰণ কৰিছে? সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, এইবেলি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে প্ৰতিটো অনুষ্ঠানৰ বাবদ ৫ৰ পৰা ৮ লাখ টকা ধাৰ্য কৰিছে। অংগৰাগ পাপন মহন্তই অনুষ্ঠান পৰিৱেশনৰ বাবে বিচাৰিছে ৬ৰ পৰা ৮ লাখ টকা। জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে এইবাৰ বিহু মঞ্চৰ বাবে ২ৰ পৰা ৪ লাখ টকা মাননী নিৰ্ধাৰণ কৰিছে।

    সেইদৰে শিল্পী তৰালি শর্মাই প্ৰতিটো অনুষ্ঠান পৰিৱেশনৰ বাবদ ২ৰ পৰা ৪ লাখ টকা নির্ধাৰণ কৰিছে৷ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে ৪.৫০ৰ পৰা ৪.৮০ লাখ টকা, বাবু বৰুৱাই ২.৫০ৰ পৰা ৩ লাখ টকা, কৃষ্ণমণি নাথে ২ৰ পৰা ৩ লাখ টকা, বর্ণালী কলিতাই ২.৫০ৰ পৰা ৩.৫০ লাখ, নির্মালী দাসে ২.৫০ৰ পৰা ৩ লাখ টকা নির্ধাৰণ কৰিছে৷

    সেইদৰে দীক্ষু, কুসুম কৈলাশ, বিপিন চাউদাং, সীমান্ত শেখৰ, মানস ৰবীন, অনুপম শইকীয়া, ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি, নেকিব, ভিটালী দাসে আদি শিল্পীয়ে ২ৰ পৰা ৩.৫০ লাখ টকা পর্যন্ত মাননি নিৰ্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে।
    Published by:Sanjay Kumar Das
    First published: