তিনি নেতাৰ প্ৰচেষ্টাত শক্তিশালী হৈছিল আলফা, পিছে কোন সেই তিনিজন?

জেৰাই গাওঁ, ডিব্ৰুগড়ৰ চাবুৱাৰ সেই জেৰাই গাঁৱৰ পৰা ওলাই গৈছিল সশস্ত্ৰ সংগ্ৰামৰ বাবে তিনি যুৱক ৷
জেৰাই গাওঁ, ডিব্ৰুগড়ৰ চাবুৱাৰ সেই জেৰাই গাঁৱৰ পৰা ওলাই গৈছিল সশস্ত্ৰ সংগ্ৰামৰ বাবে তিনি যুৱক ৷
- News18 Assam
- Last Updated: May 31, 2020, 10:00 PM IST
দেওবাৰে News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত চেতিয়াই ক'লে, ‘পৱন বৰুৱা, চক্ৰধৰ গোহাঁই আৰু গোলাপ বৰুৱা আছিলো জেৰাইগাঁৱৰ পৰা ৷ আমি তিনিজনে নালাগিলে আলফাই শক্তিশালী ৰূপত প্ৰতিষ্ঠাই লাপালে হয় ৷ যোৱা কালি পৱনে (পৰেশ বৰুৱা) ফোন কৰিছিল ৷ আমি আগৰ কথাবোৰ মনত পেলাই কথা পাতিলো ৷ তেওঁ সেই কথাকে ক'লে যে, আমি তিনিজনে যদি আগভাগ নললোহেতেন, তেন্তে সংগঠনে শক্তিশালী ৰূপ নাপালে হেতেন।’
ইপিনে ল’ক ডাউনৰ এই সময়ত অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাই দুখন কিতাপ লিখি উলিয়ালে ৷ News18ক তেওঁ ক'লে- ‘দুখন কিতাপ এইসময়ছোৱাত লিখিলো ৷ এখন সংযুক্ত মুক্তি বাহিনী, অসমৰ সকলো ইতিবৃত্তক সামৰি লৈ লিখিলো ৷ আজিলৈকে যিমান কিতাপ আলফাক লৈ লিখা হৈছে, সকলো অসম্পূৰ্ণ কিতাপ ৷ সেয়ে এইখন মই লিখিলো ৷ দ্বিতীয়খন হ'ল মই বাংলাদেশত কাৰাৰুদ্ধ হৈ থকাৰ সময়ৰ ৷ বাংলাদেশৰ ৰাজনীতি, সমাজনীতি সকলো সামৰি লিখিছো ৷’