১ মিনিটত চাওক ১০টা গুৰুত্বপূৰ্ণ খবৰ

পলকতে আজিৰ দিনটোত সংঘটিত কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

News18-Assam
Updated:June 30, 2019, 8:00 PM IST
১ মিনিটত চাওক ১০টা গুৰুত্বপূৰ্ণ খবৰ
পলকতে আজিৰ দিনটোত সংঘটিত কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
News18-Assam
Updated: June 30, 2019, 8:00 PM IST
১. পুনৰ শক্তি বিভাগৰ মৰণফান্দত প্ৰাণ গ’ল এজনৰ। এইবাৰ হোজাই জিলাৰ হাবাইপুৰত বিদ্যুত্‍স্পৃষ্ট হৈ এজন ঠিকাভিত্তিক কৰ্মচাৰীৰ মৃত্যু। তাঁৰ মেৰামতি কৰাৰ সময়তে বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু হয় কৰ্মচাৰীজন। মৃত কৰ্মচাৰীজনৰ নাম জয়নাল হক।

২. বজালীত জাপানী এনচেফেলাইটিছত এগৰাকী ছাত্ৰীৰ মৃত্যু। বজালীৰ বাগনাত সংঘটিত হৈছে এই ঘটনা। মৃত দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী অংকিত দাস। ভুল চিকিত্সাৰ বাবেই অংকিতাৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ।

৩. কৰিমগঞ্জত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু। দ্ৰুতবেগী ট্ৰাকে খুন্দিয়ালে এখন যাত্ৰীবাহী অটোক। ট্ৰাকৰ খুন্দাত ঘাইপথৰ পৰা বাগৰি পৰে অটোখন। থিতাতে নিহত হয় অটোচালক আনোৱাৰ হুছেইন। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ পলায়ন কৰে চালকজনে।

৪. তেজপুৰৰ গণেশঘাটত ব্ৰহ্মপুত্ৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। আৰক্ষী আৰু SDRF-এ উদ্ধাৰ কৰে মৃতদেহটো। জানিব পৰা নাই মৃত যুৱতীগৰাকীৰ পৰিচয়।

৫. কোকৰাঝাৰৰ মুখীগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল হত্যাকাৰী সভানন্দ ৰয় আৰক্ষীৰ জালত। কেজুৰবাৰীৰ যোগদৈত ঘৰ হত্যাকাৰী সভানন্দৰ। ২৬ জুনত নৃশংসভাৱে হত্যা কৰিছিল এটা পৰিয়ালৰ তিনিজনক। দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল পিতৃ–মাতৃসহ সন্তানক।



৬. মৰিগাঁও জিলাৰ ধৰমতুলত নৃশংস হত্যাকাণ্ড। ডেগাৰেৰে হানি-খুঁচি পত্নীক হত্যা কৰিলে এজন লোকে। মৃত মহিলাগৰাকীৰ নাম সীমা ভড়ালী। সম্প্ৰতি আৰক্ষীৰ জালত অভিযুক্ত হেমন্ত ভড়ালী।

৭. বজালীত আজিও অব্যাহত কালদিয়াৰ তাণ্ডৱ। ৫ দিনে পানীৰ তলত পাটাছাৰকুছিৰ বাকাপাৰা। পহুমাৰা নৈৰ পানীয়ে উটুৱাই নিলে বাঁহৰ দলং। মথাউৰি ভাঙি জলমগ্ন কৰিলে বৃহত্‍ অঞ্চল। প্ৰশাসনে কোনে ব্যৱস্থা নোলোৱাৰ অভিযোগ।

৮. জনতা ভৱনত বন ধ্বংসক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় – বিকাশ হ’বলৈ হ’লে সামঞ্জস্য ৰাখিব লাগিব। এডালৰ বিপৰীতে ২০ ডাল গছ ৰুব লাগিব। গছ ৰোপণ কৰাৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ।

৯. জুৰীয়াত গ্ৰেপ্তাৰ হ’ল পত্নী হত্যাকাৰী স্বামী। পাষণ্ড ৰুকুন উদ্দিনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। নিজ জুৰীয়াত পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিছিল ৰুকুনে। যৌতুকৰ দাবীত হত্যা কৰিছিল পত্নী ৰেজিয়া খাতুনক।

১০. ডবকাৰ মদাৰতলীত গ্ৰেপ্তাৰ ৪ দুৰ্ধৰ্ষ ডকাইত। ধৃত হবিবুৰ ৰহমান, ইছৰাইল আলী, আমিনুল হক আৰু কামাল উদ্দিন। ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন পালচাৰ বাইক। ২৫ জুনত লংকাৰ ভালুকমাৰীত ডকাইতি কৰিছিল দলটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি