মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'প্ৰথমে হাতজোৰ কৰিম, তাৰ পিছত সেৱা, সন্তুষ্ট নহ'লে BJP, RSSৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা বিচাৰিম'- আনুষ্ঠানিক যোগদানৰ পূৰ্বে ৰূপজ্যেতি কুৰ্মীৰ মুখত বিজেপি বন্দনা!

'প্ৰথমে হাতজোৰ কৰিম, তাৰ পিছত সেৱা, সন্তুষ্ট নহ'লে BJP, RSSৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা বিচাৰিম'- আনুষ্ঠানিক যোগদানৰ পূৰ্বে ৰূপজ্যেতি কুৰ্মীৰ মুখত বিজেপি বন্দনা!

News18 Assam | News18-Assam
Updated:June 20, 2021, 6:23 PM IST
'প্ৰথমে হাতজোৰ কৰিম, তাৰ পিছত সেৱা, সন্তুষ্ট নহ'লে BJP, RSSৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা বিচাৰিম'- আনুষ্ঠানিক যোগদানৰ পূৰ্বে ৰূপজ্যেতি কুৰ্মীৰ মুখত বিজেপি বন্দনা!
কংগ্ৰেছত থকা সময়ত প্ৰায়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীক।

কংগ্ৰেছত থকা সময়ত প্ৰায়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীক।

  • Share this:
প্ৰথমে হাতজোৰ কৰি প্ৰাৰ্থনা, তাৰ পিছত ভৰিত ধৰি সেৱা ৷ ইমানটো সন্তুষ্ট নহ'লে  বিজেপি, আৰ এছ এছ নেতৃত্বৰ সন্মুখত ভৰিত ধৰি আঁঠু ল'বলৈ সাজু সদ্য কংগ্ৰেছ পদত্যাগী বিধায়ক ৰূপজ্যোতি কুর্মী ৷ সোমবাৰে গেৰুৱা বসন পিন্ধাৰ পূৰ্বে দলটোৰ সন্মুখত নিজৰ পাপৰ পায়চিত্ত কৰিম বুলি সংকোচবিহীন গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰূপজ্যোতি কুর্মীয়ে।

কংগ্ৰেছত থকা সময়ত প্ৰায়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীক। ৰূপজ্যোতিয়ে গো-হত্যা, সাম্প্ৰদায়িকতাকে আদি কৰি বিভিন্ন ইচ্ছ্যুত সমালোচনাৰে থকা-সৰকা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ প্ৰায় প্ৰতিগৰাকী শীৰ্ষস্থানীয় নেতাক।

কিন্তু এতিয়া সলনি হ'ল সময়! সলনি হ'ল ৰূপজ্যোতিৰ আচৰণো ৷ সেয়েহে বিজেপিত যোগদান কৰাৰ পূৰ্বে এতিয়া নিজৰ পাপৰ পায়চিত্ত কৰিব বিচাৰিছে সদ্য প্ৰাক্তন বিধায়কজনে। প্ৰতিটো খোজত এতিয়া গেৰুৱা বাহিনীৰ ওচৰত বিচাৰিছে ক্ষমা।

উল্লেখ্য যে,  কংগ্ৰেছ পদত্যাগী বিধায়কগৰাকীয়ে সোমবাৰে লখিমপুৰত NHPCৰ গেষ্ট হাউচত বিজেপি দলত আনুষ্ঠানিক ভাবে যোগদান কৰিব ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি।

পিছে প্ৰশ্ন হৈছে, বিজেপিৰ নতুন যাত্ৰা কিমান সুগম হ'ব ৰূপজ্যোতিৰ বাবে সেয়া নিশ্চয় সময়ে ক'ব।
Published by: Himangshu Bhuyan
First published: June 20, 2021, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি