মঙলবাৰে গুৱাহাটীলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)। ইফালে মমতা বেনাৰ্জী অসমলৈ অসমলৈ অহাৰ দিনটোতে দিল্লীলৈ উৰা মাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)।
ৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়া ক্ৰামান্বৰে সক্ৰিয় হৈ পৰিছে মমতা বেনাৰ্জী। পশ্চিমবংগত পুনৰ এবাৰ শাসনভাৰ দখল কৰাৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এতিয়া দেশৰ অন্যান্য ৰাজ্যলৈও নিজৰ দলক শক্তিশালী ৰূপেৰে লৈ যোৱা পৰিকল্পনা কৰিছে। ইতিমধ্যে ত্ৰিপুৰাত শক্তিশালী ৰূপত অৱস্থান কৰিছে তৃণমূল কংগ্ৰেছে। মঙলবাৰে গুৱাহাটী উপস্থিত হ'বলগীয়া মমতা বেনাৰ্জীয়ে দৰ্শন কৰিব কামাখ্যা মন্দিৰ। আৰু তাৰ পিছতে দলীয় নেতৃত্বৰ সৈতে এখন বৈঠকতো মিলিত হোৱাৰ কথা।
ইফালে মমতা বেনাৰ্জী গুৱাহাটীলৈ অহাৰ দিনটোতে দিল্লীলৈ উৰা মাৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুৱা ৮ বজাতেই ৰাওনা হ'ব দিল্লীলৈ ৷ মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীত দলীয় নেতৃত্বক সাক্ষাত কৰি বিশেষ বৈঠকত ভাগ লোৱাৰ কথা। আৰু বৈঠক সামৰি মঙলবাৰে নিশা ৯ বজাত পুনৰ দিছপুৰলৈ উভটি আহিব হিমন্ত বিশ্ব শৰ্মা।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 20, 2021, 19:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।