কাইলৈ শনিবাৰে ৰাজ্যত সাপ্তাহিক ল’ক ডাউন হ'বনে? মুখ্য সচিবৰ নিৰ্দেশনা কি?

News18 Assam | News18-Assam
Updated:August 28, 2020, 11:57 PM IST
কাইলৈ শনিবাৰে ৰাজ্যত সাপ্তাহিক ল’ক ডাউন হ'বনে? মুখ্য সচিবৰ নিৰ্দেশনা কি?
ৰাজ্যত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বলৱত্‍ কৰা হৈছে সাপ্তাহিক ল’ক ডাউন।

ৰাজ্যত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বলৱত্‍ কৰা হৈছে সাপ্তাহিক ল’ক ডাউন।

  • Share this:
ৰাজ্যত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বলৱত্‍ কৰা হৈছে সাপ্তাহিক ল’ক ডাউন। প্ৰতিটো শনিবাৰ আৰু দেওবাৰে ৰাজ্যত বলৱত্‍ হয় ল’ক ডাউন। পিছে কাইলৈ অৰ্থাত্‍ শনিবাৰে ৰাজ্যত থাকিবনে ল’ক ডাউন?



এতিয়াৰ পৰা শনিবাৰেও কাৰ্যালয়লৈ যাব লাগিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল। লগতে  জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলৰ বাবেও শনিবাৰৰ দিনটো খোলা থাকিব। আনকি বেংক আৰু বেচৰকাৰী কাৰ্যালয় সমূহো খুলিব পাৰিব শনিবাৰে। আৰু কৰ্মচাৰীৰ বাবে শনিবাৰৰ দিনটোত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈকে খোলা থাকিব। ইতিমধ্যে সমগ্ৰ ৰাজ্যত প্ৰযোজ্য হোৱাকৈ নিৰ্দশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

পিছে সাধাৰণ লোকৰ চলাচল বা ৰাজহুৱা পৰিবহণৰ কথা উল্লেখ কৰা নাই জাননীখনত।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 11:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading