ৰণলৈ সাজু বিজেপি! বৃহস্পতিবাৰে বিজেপিৰ ‘অসম জন সম্বোধন’ শীৰ্ষক ভাৰ্চুৱেল ৰেলী, অংশ ল’ব ৰাষ্ট্ৰীয় সভাপতিয়ে

শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা ভাৰ্চুৱেল ৰেলীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰী বিধায়ক সাংসদ
শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা ভাৰ্চুৱেল ৰেলীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰী বিধায়ক সাংসদ
- News18 Assam
- Last Updated: June 17, 2020, 7:32 PM IST
বৃহস্পতিবাৰে বিজেপিৰ ভাৰ্চুৱেল ৰেলীত অংশ ল'ব সভাপতি জে পি নাড্ডাই ৷ ইতিমধ্যে কোৰোণাক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে মঙলবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান ৷ এই জনসম্পৰ্ক অভিযানৰ যোগেদি ৫০লাখ পৰিয়ালৰ কাষ চাপিব বিজেপি ৷ জনসম্পৰ্ক অভিযানৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখা সজাগতামূলক পত্ৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখা পত্ৰ বিতৰণ কৰিব দলটোৰ কাৰ্যকৰ্তাই ৷
"কেন্দ্ৰীয় নেতৃত্বৰে হোৱা আলোচনাৰ পিছত আমি পঞ্চাছ লাখ পৰিয়ালৰ কাষ চাপিব বিচাৰিছো ৷ স্বাস্থ্য বিভাগৰ গাইডলাইন অনুযায়ী আমি ইতিমধ্যে এই অভিযান আৰম্ভ কৰিছো ৷ নিৰ্ধাৰিত সময়ৰ পূৰ্বে আমি এই অভিযান সামৰণি মাৰিব পাৰিম ৷"—ৰণজিৎ দাস,সভাপতি।