মুখ্যপৃষ্ঠা »খবৰ »অসম »কাইলৈ সুধাকণ্ঠৰ ৯৩ সংখ্যক জন্মদিন,সমাধিক্ষেত্ৰত চৰকাৰীভাৱে উদযাপন কৰিব জন্মদিন

কাইলৈ সুধাকণ্ঠৰ ৯৩ সংখ্যক জন্মদিন,সমাধিক্ষেত্ৰত চৰকাৰীভাৱে উদযাপন কৰিব জন্মদিন

উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ দলেকে ধৰি বহু বিশিষ্ট ব্যক্তি

উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ দলেকে ধৰি বহু বিশিষ্ট ব্যক্তি

উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ দলেকে ধৰি বহু বিশিষ্ট ব্যক্তি

  • Share this:
    দেওবাৰে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিন ৷ অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ জন্ম জয়ন্তী চৰকাৰীভাৱে উদযাপন কৰা হ'ব জালুকবাৰীস্থিত ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত ৷ দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া স্মৃতি তৰ্পণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ দলেকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷



    সুধাকন্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি শনিবাৰৰ পৰাই অনুষ্ঠিত হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ চিত্ৰাংকন প্ৰতিযোগিতা ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ পুৰস্কাৰ দেওবাৰে বিতৰণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দেওবাৰে ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া স্মৃতি তৰ্পন অনুষ্ঠানত শিল্পী নৰবাহাদুৰ দৰ্জীয়ে নেপালী আৰু অসমীয়া ভাষাত পৰিৱেশন কৰিব 'মানুহে মানুহৰ বাবে' ৷



    চৰকাৰী অনুষ্ঠানৰ সমাপ্তিৰ লগে লগে বিশ্বৰত্ন ড৹ ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হ'ব ভূপেনদাৰ ওপৰত স্বৰচিত কবিতাৰ অনুষ্ঠান ৷ বিশ্বৰত্ন ড৹ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ দ্বাৰা দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানৰ ৷ সন্ধিয়া ৭.৩০ বজাৰ লগে লগে সামৰণি পৰিব এই অনুষ্ঠানৰ ৷

    শেহতীয়া বাতৰি