মুখ্যপৃষ্ঠা » খবৰ

» অসম

»New Covid SOP: কাইলৈ প্ৰকাশ পাব নতুন কোভিড SOP! সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৫ জিলাৰ বাবে কি নতুন নিৰ্দেশনা?

New Covid SOP: কাইলৈ প্ৰকাশ পাব নতুন কোভিড SOP! সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৫ জিলাৰ বাবে কি নতুন নিৰ্দেশনা?

News18 Assam | News18-Assam
Updated:July 26, 2021, 12:39 PM IST
New Covid SOP: কাইলৈ প্ৰকাশ পাব নতুন কোভিড SOP! সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৫ জিলাৰ বাবে কি নতুন নিৰ্দেশনা?
গুৱাহাটীৰ শেহতীয়া কোৰোণা পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্ন ৰাজ্য চৰকাৰ।

গুৱাহাটীৰ শেহতীয়া কোৰোণা পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্ন ৰাজ্য চৰকাৰ।

  • Share this:
মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিব পাৰে নতুন কোভিড SOP। প্ৰকাশ পাবলগীয়া নতুন SOP অনুসৰি, বৰ্তমান সম্পূৰ্ণ কণ্টেইনমেণ্ট জনত থকা পাঁচখন জিলা ক্ৰমে, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড় আৰু বিশ্বনাথ জিলাত আহিব পাৰে কিছু শিথিলতা। কাইলৈ প্ৰকাশ পাবলগীয়া নতুন SOP অহা বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব।

ইপালে শনিবাৰৰ দিনটোত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে, বৰ্তমান ৰাজ্যৰ কোভিড পৰিস্থিতি কিছু উন্নত হৈছে যদিও গুৱাহাটীৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত উদ্বিগ্ন ৰাজ্য চৰকাৰ। আনহাতে ইতিমধ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰাজ্যসমূহৰ কোৰোণা পৰিস্থিতিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। আৰু সকলো দিশ চালি-জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। শনিবাৰে এই কথা জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

কি কি থাকিব পাৰে নতুন SOPতঃ


  • সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৫ খন জিলাত আহিব পাৰে শিথিলতা।

  • ৫ খন জিলাত দুপৰীয়া ১২ বজালৈ দোকান-পোহাৰ খোলাৰ সম্ভাৱনা।

  • গুৱাহাটীত সন্ধিয়া ৬ বজালৈ খোলা থাকিব পাৰে দোকান-পোহাৰ।


  • আন্তঃজিলা যাতায়াত বন্ধ থকাৰ সম্ভাৱনাই অধিক।

  • সম্পূৰ্ণ কণ্টেইমেণ্ট জনত থকা জিলাসমূহত ২ বজাৰ পৰা কাৰ্ফিউ থাকিব।

  • আনহাতে যিসমূহ জিলাত কোভিড সংক্ৰমণ হ্ৰাস পাইছে,  সেই জিলাত থাকিব অধিক শিথিলতা।

Published by: Himangshu Bhuyan
First published: July 26, 2021, 12:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি