কেতিয়া মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ? সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ শুনানি

News18 Assam | News18-Assam
Updated:September 27, 2020, 10:47 PM IST
কেতিয়া মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ? সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ শুনানি
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিলৰ আইনী যুজঁখন আগবঢ়াই নিবলৈ অসমৰ ৰাইজৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰাৰ কথা ইতিমধ্যে জানিবলৈ দিছে

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিলৰ আইনী যুজঁখন আগবঢ়াই নিবলৈ অসমৰ ৰাইজৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰাৰ কথা ইতিমধ্যে জানিবলৈ দিছে

  • News18 Assam
  • Last Updated: September 27, 2020, 10:47 PM IST
  • Share this:
সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব অখিল গগৈৰ জামিনৰ শুনানি। ন্যায়াধীশ কল্যাণ ৰাই চুড়ানা আৰু ন্যায়াধীশ মনোজিত ভূঞাৰ এখন দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহ আৰু ‘Advocate-On-Record’ ৰুণা ভূঞাই  ভিডিঅ’ কণফাৰেন্সিঙৰ যোগেদি নতুন দিল্লীৰ পৰা প্ৰতিনিধিত্ব কৰিব অখিল গগৈক।

পূৰ্বতে NIA আদালতে জামিন নাকচ কৰিছিল কৃষক নেতাগৰাকীৰ। পিছত অখিল গগৈয়ে NIA আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। কিন্তু তাৰ পিছতে ইটোৰ পিছত সিটো গোচৰ জাপি দিয়া হৈছিল অখিল গগৈৰ ওপৰত। UAPA গোচৰটো অভিযুক্ত হৈ আছে অখিল গগৈ। NIAয়ে দাখিল কৰা চাৰ্জশ্বীটত গগৈক মাওবাদী সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকা বুলি কোৱা হৈছে।

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিলৰ আইনী যুজঁখন আগবঢ়াই নিবলৈ অসমৰ ৰাইজৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমত সদৰী  কৰিছে।
Published by: Himangshu Bhuyan
First published: September 27, 2020, 10:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading