আমিন গাঁৱত কোৰোণা যোদ্ধাৰ ধৰ্ণা, কাইলৈ কামৰ পৰা অব্যাহতি দিয়া হ’ব ৯৫ গৰাকী স্বাস্থ্যকৰ্মীক

News18 Assam | News18-Assam
Updated:September 19, 2020, 10:01 PM IST
আমিন গাঁৱত কোৰোণা যোদ্ধাৰ ধৰ্ণা, কাইলৈ কামৰ পৰা অব্যাহতি দিয়া হ’ব ৯৫ গৰাকী স্বাস্থ্যকৰ্মীক
আমিন গাৱঁত কোৰোণা যুদ্ধাৰ ধৰ্ণা

আমিন গাৱঁত কোৰোণা যুদ্ধাৰ ধৰ্ণা

  • News18 Assam
  • Last Updated: September 19, 2020, 10:01 PM IST
  • Share this:
আমিন গাৱঁত কোৰোণা যুদ্ধাৰ ধৰ্ণা। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি যুঁজ দিয়া কোভিড সৈনিকৰ জীৱনলৈ হঠাত্‍ নামিল কলিয়া ডাৱৰ। কোভিড শিবিৰত দিনে নিশাই চাফ-চিকুন কৰিছিল মাথো এটি চাকৰিৰ বাবে। চাকৰিৰ অভাৱত বহু শিক্ষিত যুৱক-যুৱতী নিয়োজিত হৈছিল এই কামত।





কামত উত্‍সাহ যোগাবলৈ মন্ত্ৰী হিমন্তই স্থায়ী নিযুক্তিৰো আশ্বাস দিছিল। কিন্তু চাৰিমাহ পৰিয়ালৰ পৰা আঁতৰি দিনে নিশাই পৰিশ্ৰম কৰা কৰ্মীসকলক এতিয়া কামৰ পৰা দিয়া হ’ব অব্যাহতি।  ইতিমধ্যে এই সন্দৰ্ভত জাননীও জাৰি কৰা হৈছে। ফলত এতিয়া বিমোৰত পৰিছে কেৱল কামৰূপ জিলাৰে ৯৫গৰাকী চাফাই কৰ্মী।

শনিবাৰে  হাতত আবেদন পত্ৰলৈ কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাজিৰ হ’ল চাফাই কৰ্মীসকল। ‘আমাক ভাতে নামাৰিব , আমাৰ চাকৰি বিবেচনা কৰক , হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শুনিছেনে’ ধ্বনিৰে উত্তাল কৰে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ।  পিছত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি চাফাই কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
Published by: Himangshu Bhuyan
First published: September 19, 2020, 10:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading