உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আপুনি বাহনত FASTag লগাইছে নেকি? তেন্তে সাৱধান! ঘৰত থাকিলেও কৰ্তন হ'ব পাৰে টোল টেক্স!

    আপুনি বাহনত FASTag লগাইছে নেকি? তেন্তে সাৱধান! ঘৰত থাকিলেও কৰ্তন হ'ব পাৰে টোল টেক্স!

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    শেহতীয়াভাবে নগাঁৱৰ এগৰাকী বিশিষ্ট লেখক তথা সাহিত্যিকৰ ঘৰতে থকা বাহনৰ পৰা টোল গে’টৰ কৰ কৰ্তন কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে৷

    • Share this:
    ৰাষ্ট্ৰীয় ঘাইপথসমূহত স্থাপিত টোলগে’টবোৰত কৰ সংগ্ৰহৰ ক্ষেত্ৰত যান-বাহনৰ গৰাকীৰ সুবিধাৰ্থে 'ফাষ্ট টেগ' ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এই ব্যৱস্থাৰ পৰা বিভিন্ন সময়ত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ ফাষ্ট টেগ লগোৱাৰ পিছত আপোনাৰ বাহনখন ঘৰত থকা অৱস্থাতো কৰ্তন হ'ব পাৰে টোল-টেক্স। এনে এক আজৱ ঘটনাই সংঘটিত হৈছে নগাঁৱত।

    শেহতীয়াভাবে নগাঁৱৰ এগৰাকী বিশিষ্ট লেখক তথা সাহিত্যিকৰ ঘৰতে থকা বাহনৰ পৰা টোল গে’টৰ কৰ কৰ্তন কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে৷ জানিব পৰা মতে, নগাঁও চহৰৰ খুটিকটীয়া নিবাসী ৰামধেনু যুগৰ বিশিষ্ট কথাশিল্পী তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ S-PRESSO নামৰ এ এছ-০২-এ জি ০৭২২ নম্বৰৰ চাৰিচকীয়া ব্যক্তিগত বাহনখনৰ পৰা ১৮ ছেপ্টেম্বৰ আৰু ১৬ ছেপ্টেম্বৰত দুবাৰকৈ টোল টেক্স কৰ্তন কৰা হয়৷

    বিশিষ্ট সাহিত্যিক গৰাকীৰ এইচ ডি এফ চি বেংকৰ একাউণ্টৰ পৰা ফাষ্ট টেগৰ জৰিয়তে পৰহি সন্ধিয়া ৭ বাজি ২ মিনিটত আৰু আজি পুৱা ৮ বাজি ৩৩ মিনিটিত ৮০ টকাকৈ দুবাৰত মুঠ ১৬০ টকা টোল টেক্স কৰ্তন কৰা হয় ৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল এই দুটা দিনৰ উক্ত সময়ছোৱাত সাহিত্যিকগৰাকীৰ বাহনখন কোনো টোল গে’টেৰে পাৰ নোহোৱাৰ বিপৰীতে ঘৰতে থকা  বাহনখনৰপৰা কৰ্তন কৰা ধনৰাশি মিকিৰাতি হাওগান টোল প্লাজা (Mikirati Hawgaon Toll Plaza)ই সংগ্ৰহ কৰা বুলি উল্লেখ আছে৷ অথচ সাহিত্যিক গৰাকীৰ ম’বাইললৈ এই সংক্ৰান্তত অহা ফাষ্টটেগ ব্যৱস্থাৰে টোল কৰ কৰ্তনৰ মেছেজ অহাত এতিয়া স্তম্ভিত হৈ পৰিছে সাহিত্যিকগৰাকী ৷ আচৰ্যজনকভাৱে টোল গে’টৰ কৰ সংগ্ৰহৰ নামত সংঘটিত হোৱা এনে নাভুত-নাশ্ৰুত কাণ্ডই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
    Published by:Sanjay Kumar Das
    First published: