টকিঅ অলিম্পিকত এইবাৰ অসমৰ পৰা দেশক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁইয়ে।
টকিঅ অলিম্পিকত এইবাৰ অসমৰ পৰা দেশক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁইয়ে।
আৰম্ভ অলিম্পিক ক্ৰীড়া সমাৰোহ। টকিঅ' অলিম্পিকত এইবাৰ অসমৰ পৰা দেশক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁইয়ে। অসমৰ লগতে দেশৰ সকলোৱে শুভেচ্ছা জনাইছে অসম সন্তান লাভলীনাক।
তাৰ মাজতে নগাঁও জিলাৰ পুৰণিগুদামৰ এজন যুৱকে এক ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে শুভেচ্ছা জনাইছে লাভলীনাক। পুৰণিগুদামৰ যুৱক ভাস্কৰ্য্যপূৰ্ণই নিজ হাতেৰে লাভলীনাৰ ফটো অংকন কৰি অসমৰ লগতে দেশলৈ সন্মান কঢ়িয়াই আনিবলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
শিক্ষয়িত্ৰী দিপীকা গায়নৰ সু সন্তান ভাস্কৰ্য পুৰণিগুদাম বি.কে.বি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ। যুৱক জনে পেলনীয়া সামগ্ৰীৰে নানান ধৰণৰ সামগ্ৰী, ছবি নিৰ্মাণ কৰি ইতিমধ্যে অসম বুক ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। দৈনিক ব্যৱহৃত চাহৰ শেষাংশ, পেলনীয়া মেছৰ বাকচ, খোৱা ঠালীৰে নিৰ্মাণ কৰিছে আকৰ্ষণীয় চিত্ৰ।
ইয়াৰ উপৰিও ভাস্কৰ্য্য সত্ৰীয়া নৃত্যটো পাৰ্গত। আনহাতে অসম বুক ৰেকৰ্ডৰ সন্মান টকাৰ বিনিময়ত প্ৰদান কৰা হয় বুলি যি এক প্ৰচাৰ চলিছিল, তাৰ প্ৰতিবাদত যুৱক জনে পোৱা অসম বুক অৱ ৰেকৰ্ডছৰ সন্মান ইতিমধ্যে ঘূৰাই দিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|