• Home
  • »
  • News
  • »
  • assam
  • »
  • Tokyo Olympics 2021: অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনালৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ৭ লাখ টকাৰ আৰ্থিক সাহায্য, হিমা দাসৰ সন্মুখলৈও আহিছে অন্তিম সুযোগ

Tokyo Olympics 2021: অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনালৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ৭ লাখ টকাৰ আৰ্থিক সাহায্য, হিমা দাসৰ সন্মুখলৈও আহিছে অন্তিম সুযোগ

২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ'ব অলিম্পিক গেমছ(Tokyo Olympics 2021)ত। বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰখন আয়োজনৰ বাবে সাজু হৈছে টকিঅ'।

২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ'ব অলিম্পিক গেমছ(Tokyo Olympics 2021)ত। বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰখন আয়োজনৰ বাবে সাজু হৈছে টকিঅ'।

২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ'ব অলিম্পিক গেমছ(Tokyo Olympics 2021)ত। বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰখন আয়োজনৰ বাবে সাজু হৈছে টকিঅ'।

  • Share this:
২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ'ব অলিম্পিক গেমছ(Tokyo Olympics 2021)ত। বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰখন আয়োজনৰ বাবে সাজু হৈছে টকিঅ'। জাপানৰ ৰাজধানী চহৰ টকিঅ'ৰ অলিম্পিক গেমছত অংশগ্ৰহণৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে ভাৰতীয় দলো।

বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধলৈ এইপৰ্যন্ত অসমৰ পৰা একমাত্ৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে যোগ্যতা অৰ্জন কৰিছে। সফল বক্সাৰ লাভলীনা বৰগোঁহাইয়ে(Lovlina Borgohain) টকিঅ' অলিম্পিকত মহিলাৰ ৬৯ কেজি শাখাত অংশ ল'ব। অৰ্জুন বঁটা বিজয়ী অসমৰ তাৰকা বক্সাৰগৰাকীয়ে সম্প্ৰতি পুনেত অলিম্পিকৰ প্ৰস্তুতি চলাই আছে। এই সময়তে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৰাজ্য চৰকাৰৰহৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাইৰ হাতত বুধবাৰে প্ৰদান কৰে ৭ লাখ টকাৰ চেক।

মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থকা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, ভাৰতীয় বক্সিঙৰ সচিৱ হেমন্ত কলিতা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰে। নিজ কন্যাৰ সফলতাত উৎফুল্লিত পিতৃয়ে লাভলীনাক আশিৰ্বাদ কৰিবলৈ নিউজ১৮ৰ জৰিয়তে ৰাজ্যবাসীক অনুৰোধ জনালে।

ইফালে অসমৰ তাৰকা দৌৰবিদ হিমা দাস(Hima Das)ৰ সন্মুখলৈ আহিছে অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ অন্তিমটো সুযোগ। ২৪ জুনৰ পৰা ২৮ জুনলৈ পাঞ্জাৱত অনুষ্ঠিত হ'ব আন্ত: ৰাজ্যিক এথলেটিকছ। এইৰাষ্ট্ৰীয় এথলেটিকছত মহিলাৰ ২০০ মিটাৰ আৰু মহিলাৰ ৪×১০০ মিটাৰত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা চলাব হিমা দাসে। এই কথা নিউজ১৮ক জনালে ভাৰতীয় এথলেটিকছৰ উপ সভাপতিৰ দায়িত্বত থকা লক্ষ্য কোঁৱৰে।
Published by:Himangshu Bhuyan
First published: