
বিজেপিৰ পৰা পদত্যাগ কৰি JD(U)ত যোগদান কৰাৰ সিদ্ধান্ত আৰ পি শৰ্মাৰ
বিজেপিৰ পৰা পদত্যাগ কৰি JD(U)ত যোগদান কৰাৰ সিদ্ধান্ত আৰ পি শৰ্মাৰ
জনতা দল (ইউনাইটেড)ত যোগদান কৰিব প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই। বিজেপিৰ পৰা পদত্যাগ কৰি JD(U)ত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীয়ে। আজি ৰাম প্ৰসাদ শৰ্মাই বিজেপিৰ পৰা কৰিব পদত্যাগ আৰু দেওবাৰে প্ৰাক্তন সাংসদগৰাকীয়ে জনতা দল (ইউনাইটেড)ত যোগদান কৰাৰ সম্ভাৱনা। উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ নকৰি সাংসদ পদ ত্যাগ কৰিছিল ৰাম প্ৰসাদ শৰ্মাই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|