মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ (Mahapurush Madhavdev)ৰ আজি তিৰোভাৱ তিথি। ১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াললৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ চনত ইহলীলা সম্বৰণ কৰে।
বাৰকুৰি বৰগীতৰ (বৰ্তমান ১৫৭টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম। আজি গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ, নামঘৰসমুহ। সকলোৱে গুণানুকীৰ্তন কৰিছে বঢ়াৰ পোৰ সৃষ্টিৰাজিৰ। ধ্বনিত হৈছে হাজাৰী ঘোষা।
সুদূৰ নগাপাহাৰৰ পৰা অকোৱা পকোৱা বাটেৰে বাটকুৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই চাৰিখুটি মাৰি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে।
প্ৰবাদ অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ীদিহাইৰে ভটিয়াই আহোতে ঢেকীয়াখোৱাৰ এক বৃদ্ধ দম্পতীৰ ঘৰত এৰাতি কটাইছিল। দুখীয়া বৃদ্ধ দম্পতীয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল আৰু পুৱাৰভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটঙা ছিঙি আনি তাৰে এটি পতোৱা এৰুৱাই চাৰিখুটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰে পৰাই মহাপুৰুষ জনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল। সাহিত্য-সংস্কৃতিৰ পুজাৰী, একেধাৰে গীতিকাৰ, নাট্যকাৰ, সুৰকাৰ তথা অসমীয়া জাতিৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 27, 2021, 08:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।