মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ওপজা দিনৰ দিনাই মুকলি কৰা হ’ব গণ শিল্পী খগেন মহন্তৰ সমাধিস্থলী

ওপজা দিনৰ দিনাই মুকলি কৰা হ’ব গণ শিল্পী খগেন মহন্তৰ সমাধিস্থলী

News18-Assam
Updated:August 17, 2019, 8:53 AM IST
ওপজা দিনৰ দিনাই মুকলি কৰা হ’ব গণ শিল্পী খগেন মহন্তৰ সমাধিস্থলী
সুদীৰ্ঘ ৬ বছৰৰ মূৰত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মুকলি কৰা হ’ব খগেন মহন্তৰ সমাধিস্থলী

সুদীৰ্ঘ ৬ বছৰৰ মূৰত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মুকলি কৰা হ’ব খগেন মহন্তৰ সমাধিস্থলী

  • Share this:
আজি গণ শিল্পী খগেন মহন্তৰ ওপজা দিন। ১৯৪২ চনৰ আজিৰ তাৰিখতে নগাঁও জিলাৰ বগৰিগুৰিত জন্মগ্ৰহণ কৰিছিল বহুকেইটা কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা খগেন মহন্তই। আনহাতে সুদীৰ্ঘ ৬ বছৰৰ মূৰত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰা হ’ব খগেন মহন্তৰ সমাধিস্থলী। বিহু সম্ৰাটগৰাকীৰ ওপজা দিনতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুকলি কৰিব সমাধিস্থলী। মহানগৰীৰ পাঞ্জাবাৰীৰ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী নৱ কুমাৰ দলেই। শ্ৰীমন্ত শংকৰদেৱ সমাজ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সন্ধিয়া অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত খগেন মহন্তৰ পুত্ৰ অংগৰাগ মহন্তৰ লগতে কেইবাগৰাকীও নবীন–প্ৰবীণ শিল্পীয়ে পৰিৱেশন কৰিব গীত।
First published: August 17, 2019, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি