পুলক বেনাৰ্জী আৰু অপৰ্ণা বুজৰবৰুৱাক শিল্পী বঁটা প্ৰদান কৰিব চৰকাৰে।
পুলক বেনাৰ্জী আৰু অপৰ্ণা বুজৰবৰুৱাক শিল্পী বঁটা প্ৰদান কৰিব চৰকাৰে।
আজি শিল্পী দিৱস। কোৰোণাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ স্মৃতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত 'শিল্পী দিৱস'ৰ আয়োজন কৰা হৈছে।
ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শিল্পী দিৱস। এই অনুষ্ঠানত ৫০গৰাকী শিল্পীলৈ চৰকাৰৰ শিল্পী পেঞ্চন, ১৫০গৰাকীলৈ বাৰ্ষিক শিল্পী পেঞ্চন, প্ৰয়াত ১৮গৰাকী শিল্পীৰ পত্নীলৈ ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। লগতে পুলক বেনাৰ্জী আৰু অপৰ্ণা বুজৰবৰুৱাক শিল্পী বঁটা প্ৰদান কৰিব চৰকাৰে। সমান্তৰালকৈ, সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে ডুমডুমাত শিল্পী দিৱসৰ আয়োজন কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|