• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি সৰস্বতী পূজা! বতৰে সলাইছে ৰূপ! বৰষুণৰ পৰিৱৰ্তে ওলাইছে ৰ'দ...

আজি সৰস্বতী পূজা! বতৰে সলাইছে ৰূপ! বৰষুণৰ পৰিৱৰ্তে ওলাইছে ৰ'দ...

Saraswati Puja, 2022

Saraswati Puja, 2022

নেৰানেপেৰা বৰষুণে এইবাৰৰ সৰস্বতী পূজাক ম্লান কৰিব বুলি বহুতে ভাবিছিল যদিও বতৰ ফৰকাল হোৱা দেখিবলৈ পোৱা গৈছে।

  • Share this:
আজি সৰস্বতী পূজা। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ৰাজহুৱা স্থানতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰাৰ যো-জা চলোৱা হৈছে। পিছে এইবাৰ সৰস্বতী পূজাত বতৰে বিধি পথালি দিব বুলি সন্দেহ প্ৰকাশ কৰিছিল বহুতে। কিন্তু এতিয়া কিছু কিছু ঠাইত বতৰ  মুকলি হোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ মুখলৈ আহিছে হাঁহি।

ঠায়ে ঠায়ে বৰষুণৰ পৰিৱৰ্তে ওলাইছে ৰ'দ। ফলত এতিয়া সাজি কাচি নিজৰ নিজৰ শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰীসকল। কিন্তু এতিয়াও কিছু অঞ্চলত  কম বেছি পৰিমাণে বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কোভিড প্ৰট’কল মানি সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও সেই আনন্দ বতৰে ম্লান পেলাব পাৰে বুলি সন্দেহ কৰা হৈছিল। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা  ৫ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি হ’ব পাৰে বুলি আগজাননী দিছিল।
Published by:Himangshu Bhuyan
First published: