কোৰোণাৰ এনে ভয়াৱহতাৰ সময়তো সকলো ধৰণৰ ৰীতি নীতিৰ মাজেৰে ভোগালীক আদৰিছে ৰাজ্যবাসীয়ে।
কোৰোণাৰ এনে ভয়াৱহতাৰ সময়তো সকলো ধৰণৰ ৰীতি নীতিৰ মাজেৰে ভোগালীক আদৰিছে ৰাজ্যবাসীয়ে।
আজি পুহ আৰু মাঘৰ সংক্ৰান্তি। প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। আঘোনত খেতি চপাই ভোগালীৰ উৰুকাত সকলোৱে লগে ভাগে এসাজ খাই আজি হেঁপাহৰ বিহুটিক আদৰিছে সকলোৱে।
কোৰোণাৰ এনে ভয়াৱহতাৰ সময়তো সকলো ধৰণৰ ৰীতি নীতিৰ মাজেৰে ভোগালীক আদৰিছে ৰাজ্যবাসীয়ে। ৰাজ্যখনৰ প্ৰতিটো অঞ্চলত নিৰ্মাণ কৰা বিভিন্ন আৰ্হিৰ মেজিবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷
মাঘৰ বিহুৰ দিনা পুৱা মেজিৰ ওচৰত সেৱা কৰি কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈ পিঠা-পনা খাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেকা গাভৰুৱে বিহুনাম গাই হেঁপাহৰ বিহুটিক আদৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|