এইবাৰ উত্তৰ বহী জমা দিমাৰ সময়তো পৰীক্ষাৰ্থীয়ে কৰিব লাগিব চহী। সেইদৰে প্ৰশ্নকাকত সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেও বিভাগে লৈছে কেত বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আজি অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত টেট পৰীক্ষা। প্ৰায় ৭ বছৰৰ পিছত ৰাজ্যত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পূৰ্ণ পৰ্যায়ৰ প্রস্তুতি অসম চৰকাৰৰ শিক্ষা বিভাগৰ। এইবাৰৰ টেট পৰীক্ষাত ৰাজ্যৰ সৰ্বমুঠ ৫৮৭ টা কেন্দ্রত অৱতীৰ্ণ হ’ব ২ লাখ ৩০ হাজাৰ ৪৪২ গৰাকী পৰীক্ষাৰ্থী।
এইবাৰ পৰীক্ষা হলতহে প্ৰশ্ন টোপোলা খুলিব পাৰিব নিৰীক্ষকে। সেইদৰে পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকেও ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ফোন। পৰীক্ষা যাতে সুচাৰু ৰূপত অনুষ্ঠিত হৈ যায়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত কৰা ৫০–৬০ শতাংশ স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত ব্যৱহাৰ কৰা হ’ব জামাৰ। লগতে কোনেও যাতে পৰীক্ষাত অসৎ উপায় অবলম্বন কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিব বিভাগটোৱে। এইবাৰ উত্তৰ বহী জমা দিমাৰ সময়তো পৰীক্ষাৰ্থীয়ে কৰিব লাগিব চহী। সেইদৰে প্ৰশ্নকাকত সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেও বিভাগে লৈছে কেত বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰীক্ষা হলত প্ৰশ্নকাকত ফটো মাৰি কাৰোবালৈ পঠালেই ধৰা পৰিব তেওঁ। এই কথা জনালে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|