• Home
  • »
  • News
  • »
  • assam
  • »
  • শিক্ষকৰ মুখত হাঁহি বিৰিঙাইছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে, শিক্ষক নিযুক্তিৰে অভিলেখ গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই

শিক্ষকৰ মুখত হাঁহি বিৰিঙাইছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে, শিক্ষক নিযুক্তিৰে অভিলেখ গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই

হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই শুকুৰবাৰে ৰাজ্য চৰকাৰে নিযুক্তি দিলে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নিযুক্তি দিলে ২৭,৯০০গৰাকী শিক্ষকক। 

  • Share this:
আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বাবে ঐতিহাসিক দিন। হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই শুকুৰবাৰে ৰাজ্য চৰকাৰে নিযুক্তি দিলে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নিযুক্তি দিলে ২৭,৯০০গৰাকী শিক্ষকক।

নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ভৱেশ কলিতাই কয় যে, 'চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ সক্ষম হৈছে। শিক্ষক-শিক্ষয়ত্ৰীৰ মুখত হাঁহি বিলাবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে। ২৯,৭০১ গৰাকী শিক্ষকে আজিৰে পৰা স্বস্তিৰ নিশ্বাস লব পাৰিব। আজিৰ দিনটোত গৌৰৱ,আনন্দ আৰু প্ৰাপ্তিৰ দিন।'

আজিৰ দিনটোত দুটা পৰ্যায়ত নিযুক্তি দিয়া হৈছে শিক্ষক। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এচামে মেধাৰ ভিত্তিত চৰকাৰী চৰকাৰী লাভ কৰিব আজিৰ দিনটোত। দুই ধৰণৰ শিক্ষকক একত্ৰিত কৰাৰ বাবে বিশেষ কাৰণ আছে। ২০১১ চনৰ পৰা মই শিক্ষামন্ত্ৰী থকাৰ সময়ত প্ৰাদেশীকিৰণ কৰাৰ বাবে চেষ্টা কৰি আহিছো। বহু শিক্ষকে প্ৰাদেশিকীৰণৰ বাবে ৰাজনৈতিক নেতাৰ ভৰিত পৰে। এই পৰিৱেশ আমি নিৰ্মাণ কৰা পৰিবেশ নহয়। পূৰ্বৰ চৰকাৰে দায়িত্ব নোলোৱাৰ বাবে এই অৱস্থা হৈছে শিক্ষকসকলৰ।'

উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গঢ়িলে অভিলেখ। এই সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, 'শিক্ষা বিভাগত ভাগে ভাগে নিযুক্তি লাভ কৰিছে ৭১,৭৬৫ শিক্ষকে।মুখ্যমন্ত্ৰীয়ে কৈছিল ৫০ হাজাৰ শিক্ষকক নিযুক্তি দিম।মই শিক্ষামন্ত্ৰী হৈ থাকোতে ১ লাখ ৯১ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হিছে।'
Published by:Himangshu Bhuyan
First published: