আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত তুলি দিব বিভিন্ন বিভাগৰ অধীনত চৰকাৰী নিযুক্তি পত্ৰ।
কোন কোন বিভাগত কিমান নিযুক্তিঃ
গৃহ বিভাগতঃ ৮,৮৬৭
প্ৰাথমিক শিক্ষাঃ ৭,৪২২
মাধ্যমিক শিক্ষাঃ ৩,৫১৭
উচ্চ শিক্ষাঃ ১২৪
জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০
জলসম্পদঃ ১০৫
সমাজ কল্যানঃ ৬৯
স্বাস্থ্যঃ ২,৪১৯
কৃষিঃ ৫৫
পৰিৱেশ আৰু বনঃ ২৩
লোক নিৰ্মাণঃ ৮
খনি আৰ খনিজ পদাৰ্থঃ ২
শ্ৰমিক কল্যানঃ ১৭
উল্লেখ্য যে, নিযুক্তিপ্ৰাপ্ত সকলে পুৱা ১০ বজাৰ ভিতৰত অনুষ্ঠানস্থলিত উপস্থিত থাকিব লাগিব। লগতে এডমিট, বাছনিৰ তালিকা অথবা অন্যান্য যিকোনো বৈধ নথি-পত্ৰ লগত অনাটো বাধ্যতামূলক।