নিম্ন আৰু উচ্চ প্ৰাথমিকত নতুনকৈ ৯,৬৩৫গৰাকী শিক্ষকৰ স্থায়ী নিযুক্তি, নতুনকৈ আৰু ১০ হাজাৰ শিক্ষক নিযুক্তিৰ আশ্বাস শিক্ষামন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:August 28, 2020, 12:57 PM IST
নিম্ন আৰু উচ্চ প্ৰাথমিকত নতুনকৈ ৯,৬৩৫গৰাকী শিক্ষকৰ স্থায়ী নিযুক্তি, নতুনকৈ আৰু ১০ হাজাৰ শিক্ষক নিযুক্তিৰ আশ্বাস শিক্ষামন্ত্ৰীৰ
প্ৰায় তিনি বছৰৰ পিছত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত ৯,৬৩৫ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰিব।

প্ৰায় তিনি বছৰৰ পিছত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত ৯,৬৩৫ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰিব।

  • Share this:
প্ৰায় তিনি বছৰৰ পিছত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত ৯,৬৩৫ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰিব। ইয়াৰে শীৰ্ষ ৩০০ গৰাকীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ।

এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘শিক্ষক নিযুক্তিৰে ৰাজ্যৰ খালী হৈ থকা শিক্ষক পদ সমূহ পূৰণ কৰি বিদ্যালয়সমূহক এক নতুন গতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে চেষ্টা চলাইছে। পূৰ্বে শিক্ষা বিভাগত সংঘটিত হৈছিল ব্যাপক অনিয়ম। সাক্ষাত্‍কাৰ অবিহনেই বহুতে লাভ কৰিছিল শিক্ষকৰ চাকৰি। সেইসময়ত বিধায়ক ৰাজনীতিক মন্ত্ৰী আমোলাই নিযুক্তি প্ৰদান কৰিছিল, কিন্তু এতিয়া সেই দিন নাই।’ নতুকৈ নিযুক্তি লাভ কৰা সকলক গংগাৰ পানীৰ দৰে পবিত্ৰ বুলিও কয় মন্ত্ৰী হিমন্তই।

ইফালে আজিৰ অনুষ্ঠানতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত আৰু ১০ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰাৰ আশ্বাস দিয়ে। আনহাতে নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলক ৰাজনীতি, নিৰ্বাচনৰ পৰা আঁতৰত থাকি সেৱা আগবঢ়াবলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 12:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading