মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে যোৰহাটত উপস্থিত হৈ এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে যোৰহাটত উপস্থিত হৈ এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে যোৰহাটত উপস্থিত হৈ এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চৰকাৰী কাৰ্যসূচীসমূহৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ গ্ৰহণ কৰিব আন এখন গুৰুত্বপূৰ্ণ বৈঠকত । নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব যোৰহাটৰ আৱৰ্ত্ত ভৱনত। অৱশ্যে এই কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী কাৰ্যসূচীত অন্তৰ্ভুক্ত নাই।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অকলশৰীয়াকৈ মিলিত হ'ব লগা বৈঠকত কি বিষয়ৰ আলোচনা হ'ব সেয়া স্পষ্ট হোৱা নাই। ধাৰণা কৰা হৈছে যে, দীৰ্ঘদিনীয়া অসম-নাগালেণ্ড সীমা সমস্যাৰ সমাধানৰ ওপৰত এই বৈঠকত আলোচনা হ'ব । অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত এই বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে। তদুপৰি শেহতীয়াকৈ আলফা(স্বা:)য়ে ঘোষণা কৰা যুদ্ধবিৰতি আৰু আলফা (স্বা:)ৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অব্যাহত থকা আলোচনাৰ প্ৰসংগৰ ক্ষেত্ৰত নাগালেণ্ডৰ একাংশ বিদ্ৰোহী সংগঠনৰ ভূমিকা সন্দৰ্ভতো নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা হোৱাৰ সম্ভাৱনা আছে । যোৰহাটত দেওবাৰে পুৱা এই বৈঠকত কেৱল দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব ।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দুপৰীয়া প্ৰায় 11-15 বজাত টীয়ক কলিয়াপানীস্থিত আউনিআটি বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ পিছতে হোলোঙাপাৰস্থিত লাচিত মৈদামৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী। ইয়াৰ পিছত দুপৰীয়া প্ৰায় দেৰ বজাত যোৰহাট ইঞ্জিনিয়াৰিঙ কলেজৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|