
কৃষি সম্পৰ্কীয় বিশ্বাস,ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড় ভাৱে জড়িত হৈ আছে চহা অসমীয়াৰ ।
কৃষি সম্পৰ্কীয় বিশ্বাস,ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড় ভাৱে জড়িত হৈ আছে চহা অসমীয়াৰ ।
আজি কাতি বিহু, আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা চহা অসমীয়া কৃষিজীৱি ৰাইজে প্ৰতিবছৰে পালন কৰি আহিছে কাতি বিহু। কৃষি সম্পৰ্কীয় বিশ্বাস,ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড় ভাৱে জড়িত হৈ আছে চহা অসমীয়াৰ।
আহিন মাহতেই কৃষকৰ ধাননি পথাৰখন হৈ পৰে সেউজীয়া, সজাল ধৰা ধানে গেঁৰ ধৰে, লখিমী সগৰ্ভা হৈ পৰে। গাঁৱে-ভূঞে আজি চহা কৃষিজীৱি ৰাইজ কাতি বিহুক লৈ ভীষণ ব্যস্ত ।কাতি বিহুৰ এই সময়ছোৱাত কৃষকৰ ভঁৰালৰ ধান শেষ হয়,কৃষক হৈ পৰে কঙাল। সেয়ে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই সময়ছোৱাতে ধাননি পথাৰত লহপহকৈ ধান ওলাই আৰু বিভিন্ন কীট-পতংগই সেইসূমহ ধান বিনষ্ট কৰে।সেয়ে এই কীট-পতংগ সমূহ যাতে চাকিৰ পোহৰত নাশ হয় সেই উদ্দেশ্যেৰে সন্ধ্যালৈ তুলসী গছৰ তলত আৰু ধাননি পথাৰত জ্বলোৱা হয় চাকি। দিনৰ সকলো ব্যস্ততাৰ অন্তত সন্ধিয়া হোৱাৰ লগে লগেই প্ৰতিঘৰৰ চোতালত তুলসীৰ তলত জ্বলি উঠে চাকিবন্তি, কণ কণ শিশু আৰু আইমাতৃ সকলে ঘৰৰ চোতালৰ তুলসীৰ তলত কৰে প্ৰাৰ্থনা । শিৱসাগৰ জিলাৰ নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে হাঁহচৰা মৰান গাঁৱতো ৰাইজে আয়োজন কৰিছে কাতি বিহু।গাঁৱৰ পুৰুষ মহিলাই দিনত ধাননি পথাৰ পৰিদৰ্শন কৰাৰ লগতে শিশু সকলো ব্যস্ত হৈ পৰিছে ঘৰৰ চোতালৰ মুৰত তুলসী গছ ৰোপন কৰাত ৷ তুলসী পুলি ৰুই গাঁৱৰ প্ৰতিটো শিশুৱে লগৰ সমনীয়াৰ লগত লগ হৈ গাইছে "তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে"
ইয়াৰ সমান্তৰালকৈ সন্ধিয়াৰ আগে আগে মহিলা সকলে ভঁৰালত বিভিন্ন মাংগলিক কৰ্মও পালন কৰে কাতি বিহুৰ দিনটোত।মহিলা সকলে সন্ধিয়া সময়ত ধাননি পথাৰত চাকি বন্তি জ্বলাই আহি তুলসীগছৰ তলত বন্তি প্ৰজ্বলন কৰি তুলসী গছৰ কাষতে বহি আধ্যাত্মিক পৰিৱেশত সকলোৱে প্ৰাৰ্থনা কৰে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|