গৃহমন্ত্ৰী অমিত শ্বাহক নহয়, আজি মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:February 25, 2020, 9:40 AM IST
গৃহমন্ত্ৰী অমিত শ্বাহক নহয়, আজি মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন
নিয়মমতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দাখিল কৰিব লাগিছিল প্ৰতিবেদন

নিয়মমতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দাখিল কৰিব লাগিছিল প্ৰতিবেদন

  • Share this:
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালে ল’ব প্ৰতিবেদন। নিয়মমতে অমিত শ্বাহক দাখিল কৰিব লাগিছিল প্ৰতিবেদন। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰাত অচলাৱস্থা। সময় দিব নোৱাৰিলে গৃহমন্ত্ৰীয়ে। গতিকে উপায়ন্তৰ হৈ প্ৰতিবেদন গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সোণোৱালে।

উল্লেখযোগ্য যে,  ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বেই প্ৰতিবেদন সাজু কৰিছিল কমিটীয়ে। অসম চুক্তি ৰূপায়ণ বিভাগতো প্ৰতিবেদন জমা দিছিল কমিটীয়ে। কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব নোৱৰাত অসম চুক্তি বিভাগতে দিছিল ছয় নং দফাৰ প্ৰতিবেদন।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading