বাংলাদেশী প্ৰব্ৰজনকাৰীক প্ৰশ্ৰয় দিয়া সকলক কৰা হ’ব চিনাক্ত, অসম আৰক্ষীয়ে গঠন কৰিছে কমিটী

চুবুৰীয়া বাংলাদেশৰ পৰা অবৈধ ভাৱে মানুহ অনাৰ প্ৰক্ৰিয়াত জড়িত হৈ থকা লোকক চিনাক্ত কৰি শাস্তি প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে গঠন কৰিছে এখন বিশেষ কমিটী।
চুবুৰীয়া বাংলাদেশৰ পৰা অবৈধ ভাৱে মানুহ অনাৰ প্ৰক্ৰিয়াত জড়িত হৈ থকা লোকক চিনাক্ত কৰি শাস্তি প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে গঠন কৰিছে এখন বিশেষ কমিটী।
- News18 Assam
- Last Updated: January 13, 2021, 12:58 PM IST
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই মঙলবাৰে প্ৰদান কৰে এই নিৰ্দেশ। এই কমিটীখনৰ নেতৃত্ব দিব শুভ্ৰ জ্যোতি বৰাই আৰু সদস্য সকলে হৈছে ক্ৰমে পাৰ্থ প্ৰতিম দাস, কাকলি বন্যা বৰুৱা, সুকন্যা দাস আৰু ৰুকমা বৰগোহাই। নিৰ্দেশৰ প্ৰতিলিপিত উল্লেখ কৰা মতে, জিলা আৰক্ষী সমূহে কমিটীৰ পৰামৰ্শ অনুসৰি এই দিশত আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।
বিধান সভা নিৰ্বাচনলৈ মাথোঁ তিনি মাহ থকাৰ সময়ত অসম আৰক্ষীৰ এনে পদক্ষেপে যথেষ্ট তাৎপৰ্যবহন কৰিছে। আৰক্ষী শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, অসমৰ বহু স্থানত দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে যি বাংলাদেশৰ পৰা যাৱতীয় নথি নোহোৱাকৈ মানুহ অনাৰ কাম কৰে । তেনে চক্ৰ সমূহক উৎখাত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত ১৯ লক্ষ লোকৰ নাম বাদ পৰিছিল। কিন্তু নাগৰিক পঞ্জীত বহু অবৈধ ভাৱে বসবাস কৰি থকা বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি কব খোজে দল সংগঠন তথা ৰাজ্য চৰকাৰে নাগৰিকপঞ্জীৰ পুনৰীক্ষণ বিচাৰি দল-সংগঠনৰ লগতে চৰকাৰো অতি সম্প্ৰতি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।