অসমীয়া ভাষা কোৱাৰ লগতে লিখিব জানিলেহে পাব চৰকাৰী চাকৰি

News18 Assam | News18-Assam
Updated:January 25, 2020, 4:37 PM IST
অসমীয়া ভাষা কোৱাৰ লগতে লিখিব জানিলেহে পাব চৰকাৰী চাকৰি
অসম চৰকাৰে শীঘ্ৰে প্ৰণয়ন কৰিব আইন

অসম চৰকাৰে শীঘ্ৰে প্ৰণয়ন কৰিব আইন

  • Share this:
অসমীয়া ভাষাক চিৰদিনলৈ বৰ্তাই ৰখাৰ স্বাৰ্থত অসম চৰকাৰে প্ৰণয়ন কৰিব এখন নতুন আইন। অসমত চৰকাৰী চাকৰি পাবলৈ অসমীয়া লিখিব আৰু পঢ়িব পাৰিবই লাগিব। অন্যথা লাভ নকৰিব নোকো ধৰণৰ অসম চৰকাৰৰ অধীনৰ চাকৰি। আনহাতে মেট্ৰিক পৰীক্ষাত MIL অসমীয়া লোৱাতো হ’ব বাধ্যতামূলক। উল্লেখযোগ্য যে, অসমীয়া ভাষা পঢ়িব আৰু লিখিব নাজানিলে অসমীয়া ছাত্ৰ–ছাত্ৰীও বঞ্চিত হ’ব চৰকাৰী চাকৰিৰ পৰা।

CAAৰ জৰিয়তে অসমীয়া ভাষাক চৰকাৰে শলঠেকত পেলাবলৈ চেষ্টা কৰা বুলি বিভিন্ন মহলত চৰ্চা চলি থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই বিশেষ তাৎপৰ্যবহন কৰিছে। অৱশ্যে BTAD আৰু বৰাক উপত্যকাৰ ছাত্ৰ–ছাত্ৰী এই আইনৰ আওতালৈ নাহে।
আৰু চাওক
পৰৱৰ্তী বাতৰি