• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰিবেশ সজাগতাৰ লগতে ৰক্তদানৰ প্ৰতি ৰাইজক উৎসাহিত কৰাৰ লক্ষ্য, ৰাজ্যৰ সকলো জিলালৈ পদযাত্ৰা কৰিছে দৰঙৰ গৌৰীশংকৰে

পৰিবেশ সজাগতাৰ লগতে ৰক্তদানৰ প্ৰতি ৰাইজক উৎসাহিত কৰাৰ লক্ষ্য, ৰাজ্যৰ সকলো জিলালৈ পদযাত্ৰা কৰিছে দৰঙৰ গৌৰীশংকৰে

শুকুৰবাৰে নিশা যুৱকজন উপস্থিত হয় হাইলাকান্দি জিলাত ৷

শুকুৰবাৰে নিশা যুৱকজন উপস্থিত হয় হাইলাকান্দি জিলাত ৷

শুকুৰবাৰে নিশা যুৱকজন উপস্থিত হয় হাইলাকান্দি জিলাত ৷

  • Share this:
প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত তথা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আগত ৰাখি অসমৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ প্ৰকৃতি ৰক্ষাৰ লগতে এক শান্তিৰ পৰিৱেশ সৃষ্টিৰ বাবে ৰাজ্যৰ সকলো জিলালৈ পদযাত্ৰা আৰম্ভ কৰিছে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ গৌৰী শংকৰ কলিতা নামৰ যুৱকজনে ৷

শুকুৰবাৰে নিশা যুৱকজন উপস্থিত হয় হাইলাকান্দি জিলাত ৷ নিশাটো হাইলাকান্দিত কটাই শনিবাৰে পৰিবেশ ৰক্ষাৰ লক্ষ্যে জিলা উপায়ুক্ত কাৰ্যালয়ত গছ পুলি ৰোপন কৰে যুৱকজনে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তেওঁ অসমৰ পৰা নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনলৈ এক পদযাত্ৰা কৰিছিল। প্ৰকৃতিৰ প্ৰতি সজাগতা সৃষ্টি, গঁড় হত্যা বন্ধ আৰু ৰক্তদানত সাধাৰণ ৰাইজক উৎসাহিত কৰাৰ লক্ষ্যে তেওঁ এই পদযাত্ৰা আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমক জনাই গৌৰী শঙ্কৰ কলিতাই। যুৱকজনে জনোৱা মতে, ইতিমধ্যে অসমৰ ৩৩খন জিলাৰ ভিতৰত ২২ খন জিলা খোজ কাৰি ভ্ৰমন কৰা তেওঁ শেষ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি