Secularism :হিন্দুত্ববাদৰ বিৰোধিতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি দেশৰ শিশু-কিশোৰক আকৃষ্ট কৰাৰ লক্ষ্য
Secularism :হিন্দুত্ববাদৰ বিৰোধিতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি দেশৰ শিশু-কিশোৰক আকৃষ্ট কৰাৰ লক্ষ্য
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে কংগ্ৰেছে গঠন কৰিলে জৱাহৰ বাল মঞ্চ। কংগ্ৰেছে আৰ এছ এছৰ 'বালাগোকুলম'ৰ দৰে এটা নতুন বিভাগ 'জৱাহৰ বাল মঞ্চ' আৰম্ভ কৰি শিশুসকলৰ মাজত নিজৰ প্ৰসাৰতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কংগ্ৰেছে নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জৱাহৰ বাল মঞ্চ স্থাপন কৰিছে। কেৰালা কংগ্ৰেছৰ নেতা তথা শিশু অধিকাৰ কৰ্মী জি ভি হৰিক জৱাহৰ বাল মঞ্চৰ মুৰব্বীৰ দায়িত্ব দিয়া হৈছে। এই বিভাগটোৱে ৭ৰ পৰা ১৭ বছৰ বয়সৰ শিশুসকলৰ মাজত কাম কৰিব।
জি ভি হৰিৰ মতে, কেৰালা কংগ্ৰেছে যোৱা ১৫ বছৰ ধৰি জৱাহৰ বাল মঞ্চৰ জৰিয়তে প্ৰায় ২.৫ লাখ শিশুক প্ৰশিক্ষণ দিছে। হৰিৰ মতে, ইয়াৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ত জৱাহৰ বাল মঞ্চৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। ইয়াৰ পিছতে যোৱা বছৰত পাঁচখন ৰাজ্যত জৱাহৰ বাল মঞ্চৰ পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰিছিল।
কংগ্ৰেছ দলৰ আনুষ্ঠানিক ঘোষণাৰ পিছত এতিয়া জৱাহৰ বাল মঞ্চৰ কেৰালা আৰ্হি সমগ্ৰ দেশতে সম্প্ৰসাৰিত কৰা হ'ব। জৱাহৰ বাল মঞ্চৰ জৰিয়তে দেশৰ ৭ৰ পৰা ১৭বছৰ বয়সৰ শিশুসকলক আৰএছএছৰ হিন্দুত্ববাদৰ বিৰুদ্ধে আৰু ধৰ্মনিৰপেক্ষতাৰ সপক্ষে প্ৰশিক্ষণ দিয়া হ'ব বুলিও হৰিয়ে জনাইছে। অৱশ্যে আৰএছএছৰ তুলনাত এই সংগঠনটোৱে কিমান দূৰ সফলতা লাভ কৰিব পাৰে সেয়া লক্ষণীয় হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|