মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বৰদিনৰ দিনা মোদী চৰকাৰে দিব বৃহৎ উপহাৰ; অসমে লাভ কৰিব ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

বৰদিনৰ দিনা মোদী চৰকাৰে দিব বৃহৎ উপহাৰ; অসমে লাভ কৰিব ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

News18 Assam | News18-Assam
Updated:December 24, 2020, 9:38 PM IST
বৰদিনৰ দিনা মোদী চৰকাৰে দিব বৃহৎ উপহাৰ; অসমে লাভ কৰিব ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
শুকুৰবাৰে দিনৰ ১ বজাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকৰীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ।

শুকুৰবাৰে দিনৰ ১ বজাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকৰীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ।

  • Share this:
বৰদিনৰ দিনা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব বৃহত্‍ আঁচনি। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে  দেশৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ  হাতত লৈছে বিশেষ পদক্ষেপ। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমকো এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সৈতে দেশৰ আন প্ৰান্তৰে যোগাযোগ ব্যৱস্থা টনকিয়াল কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰ ল’বলৈ আগবাঢ়িছে বৃহৎ পদক্ষেপ। বৰদিনৰ দিনাই আধাৰশিলা স্থাপন হ’ব বহিঃৰাজ্যৰ সৈতে অসম সংযোগী  ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ তত্বাৱধানত আৰম্ভ হ’বলগীয়া এই প্ৰকল্পত ব্যয় হ’ব ২,৩৬৬ কোটি টকা। এই পথ সমূহৰ দৈৰ্ঘ্য হ’ব ৪৩৯কিলোমিটাৰ। শুকুৰবাৰে দিনৰ ১ বজাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকৰীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ।
Published by: Himangshu Bhuyan
First published: December 24, 2020, 9:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি