ইচ্ছাকৃত ভাবে কোৰোণা বিয়পোৱাৰ অভিযোগ, কোৰোণাত আক্ৰান্ত TMCHৰ লেৱ এটেণ্ডেণ্ট ইক্ৰামুল হুছেইনক নিলম্বন

News18 Assam | News18-Assam
Updated:June 26, 2020, 5:24 PM IST
ইচ্ছাকৃত ভাবে কোৰোণা বিয়পোৱাৰ অভিযোগ, কোৰোণাত আক্ৰান্ত TMCHৰ লেৱ এটেণ্ডেণ্ট ইক্ৰামুল হুছেইনক নিলম্বন
তেজপুৰ মেডিকেল কলেজৰ কোনো চিকিত্‍সকে দুমাহলৈ কৰিব নোৱাৰিব প্ৰাইভেট প্ৰেক্টিছ

তেজপুৰ মেডিকেল কলেজৰ কোনো চিকিত্‍সকে দুমাহলৈ কৰিব নোৱাৰিব প্ৰাইভেট প্ৰেক্টিছ

  • Share this:
আগন্তুক দুমাহলৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ কোনো চিকিৎসকে প্ৰাইভেট প্ৰেক্টিচ কৰিব নোৱাৰিব ৷ TMCHৰ পিছত এই নিয়ম সকলো চিকিৎসালয়তে প্ৰযোজ্য হ'ব ৷ শুক্ৰবাৰে TMCHত উপস্থিত হৈ এই কথা ব্যক্ত কৰিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক লগত লৈ আকস্মিকভাৱে চিকিৎসালয় পৰিদৰ্শন কৰিলে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰীগৰাকী চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ শেহতীয়াকৈ চিকিৎসককে ধৰি কেইবা গৰাকীও চিকিৎসাকৰ্মী কোৰোণাত আক্ৰান্ত হোৱাত চিকিৎসালয়খনৰ লেৱ এটেণ্ডেণ্টছ ইক্ৰামূল হুছেইনকে জগৰীয়া কৰে ৷ স্বাৱ পৰীক্ষাৰ ডিউটি কৰা ইক্ৰামূলে কিদৰে  চিকিৎসালয়খনৰ সকলোৰে সংস্পৰ্শলৈ আহিব পাৰিলে বা বিনাদ্বিধাই ঘূৰিব পাৰিলে, সেই বিষয়ত মন্ত্ৰী গৰাকী ক্ষোভিত হৈ আজিৰে পৰা বলৱৎ হোৱাকৈ ইক্ৰামূলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা উল্লেখ কৰে ৷ লগতে ইক্ৰামূলৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

আনহাতে TMCH ৰ প্ৰতি গৰাকী চিকিৎসক, নাৰ্ছ তথা কৰ্মচাৰীৰে স্বাৱ টেষ্ট কৰাটো বাধ্যতামূলক কৰাৰ কথাও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷
First published: June 26, 2020, 5:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি