• Home
  • »
  • News
  • »
  • assam
  • »
  • Ripun Borah: ২০২৬ চনত ক্ষমতালৈ আহিব তৃণমুল কংগ্ৰেছ, তামুলপুৰত ঘোষণা ৰিপুন বৰাৰ

Ripun Borah: ২০২৬ চনত ক্ষমতালৈ আহিব তৃণমুল কংগ্ৰেছ, তামুলপুৰত ঘোষণা ৰিপুন বৰাৰ

Ripun Borah: বিজেপিৰ অত্যাচাৰত অতীষ্ঠ হৈছে অসমৰ ৰাইজ, অভিযোগ ৰিপুণ বৰাৰ

Ripun Borah: বিজেপিৰ অত্যাচাৰত অতীষ্ঠ হৈছে অসমৰ ৰাইজ, অভিযোগ ৰিপুণ বৰাৰ

Ripun Borah: বিজেপিৰ অত্যাচাৰত অতীষ্ঠ হৈছে অসমৰ ৰাইজ, অভিযোগ ৰিপুণ বৰাৰ

  • Share this:
তামুলপুৰৰ নাগ্ৰিজুলীৰ ২ নং বগৰীখুটিত এক দলীয় সভাত অংশ লৈ তৃণমূল কংগ্ৰেছ (TMC, Assam)ৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই কয় যে ২০২৬ চনত ৰাজ্যত ক্ষমতালৈ আহিব তৃণমুল কংগ্ৰেছ ৷ সাংবাদিকৰে হোৱা এক সাক্ষাতকাৰত ৰিপুন বৰা (Ripun Borah)ই শাসকীয় বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, "ৰাজ্যত এতিয়া কোনো বিৰোধী দল নাই ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো বিৰোধী দলকে থানবান কৰিছে ৷ কিন্তু ৰাজ্যত তৃণমুল কংগ্ৰেছৰ চুনামি আহিব ৷ বিজেপি (BJP)ৰ অত্যাচাৰত ৰাইজ অতিষ্ঠ হৈ পৰিছে ৷ সেয়ে ৰাইজে বিকল্প বিচাৰিছে ৷ শেহতীয়া ভাৱে ৰাজ্যত কোনো বিৰোধী দল নাই বাবে তৃণমুল দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব ৷"

মহাৰাষ্ট্ৰ চৰকাৰৰ বিসম্বাদ সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য দি ৰিপুন বৰাই কয় যে ঘোৰা কিনা- বেচা চলিব পাৰে, কিন্তু সেই চৰকাৰ বেছিদিন নিটিকে ৷

ইপিনে বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে  উপায়ুক্তক ধমক দিয়া কাৰ্যক নাটক আখ্যা দিয়ে ৰিপুন বৰাই ৷ বানপানী সমস্যা ৰোধত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি জানিব দি বৰাই কয় যে ৰাজ্যত প্ৰতি বছৰে বানপানী হয়, তেনেস্থলত চৰকাৰে আগতীয়াকৈ ব্যৱস্থা লোৱা উচিত আছিল ৷

ইফালে তামুলপুৰত TMC ৰ সভা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে বাধা আৰোপ কৰাত ৰিপুন বৰাই তামুলপুৰ জিলা প্ৰশাসনক বিজেপিৰ দালাল আখ্যাও দিয়ে। ই গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এক প্ৰত্যাহ্বান বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে আজিৰ সভাত ২৫ গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ সদস্যই তৃণমুল কংগ্ৰেছত যোগদান কৰে ৷
Published by:Manjumoni Borah
First published: