'চলো পাল্টাই'ত সাঙোৰ খাইছে মমতা বেনাৰ্জীৰ TMCৰ নাম!

ৰাজনীতিৰে কি সম্পৰ্ক ষড়যন্ত্ৰকাৰী চেটাৰ্জী-মুখাৰ্জীৰ? শুকুৰ আলীকেই বলে নোৱাৰা শান্তনু মুখাৰ্জীয়ে দেখিছে অসমীয়াক দ্বি-খণ্ডিত কৰাৰ বৃথা সপোন।

news18assam
Updated:June 1, 2019, 7:01 PM IST
'চলো পাল্টাই'ত সাঙোৰ খাইছে মমতা বেনাৰ্জীৰ TMCৰ নাম!
ৰাজনীতিৰে কি সম্পৰ্ক ষড়যন্ত্ৰকাৰী চেটাৰ্জী-মুখাৰ্জীৰ? শুকুৰ আলীকেই বলে নোৱাৰা শান্তনু মুখাৰ্জীয়ে দেখিছে অসমীয়াক দ্বি-খণ্ডিত কৰাৰ বৃথা সপোন।
news18assam
Updated: June 1, 2019, 7:01 PM IST
গুঞ্জন কলিতাঃ অসমত স্থায়ীভাৱে বসবাস কৰা অসমৰ বাঙালীসকল যিসময়ত একাকাৰ হৈছে অসমীয়া সমাজ জীৱনৰ সৈতে, তেনে সময়তে এচাম অসম বিৰোধীয়ে ‘চলো পাল্টাই'ৰ জৰিয়তে সিঁচিব বিচাৰিছে অশান্তিৰ বীজ৷ কাৰ ষড়যন্ত্ৰত আৰম্ভ হৈছিল মিছন 'চলো পাল্টাই'? ৰাজনৈতিক পাকচক্ৰত আৰম্ভ হৈছে নেকি অসমক অস্থিৰ কৰাৰ কুৎসা ৰটনা? কোন এই ষড়যন্ত্ৰকাৰী গৰ্গ মুখাৰ্জী, চন্দন চেটাৰ্জী আৰু শান্তনু মুখাৰ্জী?

'চলো পাল্টাই'ৰ তীব্ৰ বিৰোধিতা কৰি অসমস্থিত বাঙালী জাতীয় সংগঠনসমূহৰ যৌথ মঞ্চই সংবাদমেলযোগে অভিযোগ উত্থাপন কৰে যে, ইয়াৰ আঁৰত থাকিব পাৰে বংগকন্যা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ ৷ এই সন্দৰ্ভত সংগঠনটোৰ সাধাৰণ সম্পাদক সুৰেন সৰকাৰৰ মন্তব্য– ‘লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ হৈ কাম কৰিছিল 'চলো পাল্টাই'ৰ অন্যতম হোতা চন্দন চেটাৰ্জীয়ে।’

সাধাৰণ সম্পাদক সুৰেন সৰকাৰ


বিজেপিমুখী হোৱাৰ বাবে বাঙালীসকলক উচতাবলৈ এয়া তৃণমূল কংগ্ৰেছৰ ষড়যন্ত্ৰ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বাঙালী জাতীয় সংগঠনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাসেও ৷

প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাস


অসমতে থাকি বৃহত্তৰ অসমীয়া জাতিৰ মাজত সংকীৰ্ণতাৰ বীজ ৰোপন কৰিব খোজা কোন এইজন শান্তনু মুখাৰ্জী ?

২০১৯ৰ লোকসভা নিৰ্বাচনত বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল শান্তনু মুখাৰ্জীয়ে ৷ নিৰ্বাচনত জয় হোৱাটো দূৰৰে কথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শুকুৰ আলীতকৈও বহুত কম ভোট লাভ কৰিছিল এইজন স্বয়ম্ভু নেতা শান্তনুৱে ৷ যিজন শুকুৰ আলী নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলক  বহুল ভোটত পৰাজিত কৰিম বুলি প্ৰত্যাহ্বান জনাই হঠাৎ চৰ্চিত হৈ পৰিছিল, সেইজন শুকুৰ আলীৰ সৈতেও তুলনা কৰিব নোৱাৰি ‘চলো পাল্টাই’ৰ প্ৰচাৰ চলোৱা স্বয়ম্ভু নেতা শান্তনুক ৷ কোনোধৰণৰ গণভিত্তি নথকা এইসকল স্বয়ম্ভু নেতা-বুদ্ধিজীৱীয়ে অসমক লৈ কৰা ষড়যন্ত্ৰত অসমৰ বাঙালীয়ে ভৰি নিদিয়ে বুলিও স্পষ্ট কৰি দিছে অসমস্থিত বাঙালী জাতীয় সংগঠনসমূহৰ যৌথ মঞ্চই ৷
আৰু চাওক পৰৱৰ্তী বাতৰি