আজি দিনৰ ১ বজাৰ পৰা মহানগৰীৰ আই টি এ মাছখোৱাত অনুষ্ঠিত হৈছিল তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
আজি দিনৰ ১ বজাৰ পৰা মহানগৰীৰ আই টি এ মাছখোৱাত অনুষ্ঠিত হৈছিল তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
এদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি দলটোৰ সভা বৰ্জন কৰে সাংবাদিকসকলে। ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদানেৰে ৰাজ্যখনত সবল ভিত্তি স্থাপনৰ বাবে আজি দিনৰ ১ বজাৰ পৰা মহানগৰীৰ আই টি এ মাছখোৱাত অনুষ্ঠিত হৈছিল তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
কিন্তু অভিষেক বেনাৰ্জীৰ (MP Abhishek Banerjee) নিৰাপত্তাৰক্ষীৰ বাবে যোগদান সভা সোমাই পৰে বিতৰ্কৰ মাজত। অনুষ্ঠানটোত কেইবাগৰাকীও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উঠে পশ্চিমবংগ আৰক্ষীৰ বিৰুদ্ধে। এই ঘটনাৰ পিছত সাংসদ অভিষেক বেনাৰ্জীৰ লগতে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ক্ষমা খোজে।
আনহাতে এই ঘটনাক লৈ গুৱাহাটী প্ৰেছ ক্লাবে গৰিহণা দিয়ে। গুৱাহাটী প্ৰেছ ক্লাবৰ (Guwahati Press Club) সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে এয়া অগণতান্ত্ৰিক বুলি আখ্যা দিয়াৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰে জড়িত সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰাটো গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী বুলি কয়। গুৱাহাটী প্ৰেছ ক্লাবে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ প্ৰতি গুৰুত্ব দিবলৈ দাবী জনায়।
উল্লেখ্য, অসমৰ সাংবাদিকসকলক বিমান বন্দৰৰ লগতে মাছখোৱা আই টি এত তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছিল। সাংবাদিকসকলক সাধাৰণ জনতাৰ দৰে সাংসদ অভিষেক বেনাৰ্জীৰ ওচৰৰ পৰা আঁতৰাই দিয়া হৈছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|