মুখ্যপৃষ্ঠা »খবৰ »অসম »‘বাল্য বিবাহৰ বিৰোধিতা আমিও কৰো, যেতিয়া তেওঁলোকে বিবাহ কৰিছিল তেতিয়া আইনখন ক'ত আছিল?’

‘বাল্য বিবাহৰ বিৰোধিতা আমিও কৰো, যেতিয়া তেওঁলোকে বিবাহ কৰিছিল তেতিয়া আইনখন ক'ত আছিল?’

আইনে নিজৰ গতি ল'ব লাগে বুলি মন্তব্য কৰি ৰিপুণ বৰাই কয় যে আইনখন পক্ষপাতমূলক হ'ব নালাগে। আমি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছো।

আইনে নিজৰ গতি ল'ব লাগে বুলি মন্তব্য কৰি ৰিপুণ বৰাই কয় যে আইনখন পক্ষপাতমূলক হ'ব নালাগে। আমি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছো।

  • Share this:
ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই। ৰিপুণ বৰাই কয়, ‘‘আমিও বাল্য বিবাহৰ বিৰোধিতা কৰো। এখন আইন প্ৰণয়ন কৰোতে সকলো দিশ চাব লাগিব। যিসকলে আইন ভংগ কৰিছে তেওঁলোকক শাস্তি দিয়ক। কিন্তু যেতিয়া তেওঁলোকে বিবাহ কৰিছিল তেতিয়া আইনখন ক'ত আছিল?’’

বৰাই কয়, ‘‘যিবোৰৰ সংসাৰ হৈছে তেওঁলোকৰ সংসাৰত জুই লগাইছে। চমক সৃষ্টি কৰিবৰ বাবে জধে–মধে গ্ৰেপ্তাৰ কৰিছে। শান্তিৰে বসবাস কৰা পৰিয়াল বিলাকত তেওঁ জুই লগাই দিছে। ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব।’’

আইনে নিজৰ গতি ল'ব লাগে বুলি মন্তব্য কৰি ৰিপুণ বৰাই কয় যে আইনখন পক্ষপাতমূলক হ'ব নালাগে। আমি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছো।

শেহতীয়া বাতৰি