• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰীক্ষাৰ নামত ইন্টাৰনেট কাটি দিয়া ভাৰতবৰ্ষৰ ভিতৰতে অসমেই প্ৰথম ৰাজ্য ! লোকসেৱাৰ পৰীক্ষা পাতিলে চৰকাৰে লক ডাউন দিব নেকি ? প্ৰশ্ন ৰিপুণ বৰাৰ ...

পৰীক্ষাৰ নামত ইন্টাৰনেট কাটি দিয়া ভাৰতবৰ্ষৰ ভিতৰতে অসমেই প্ৰথম ৰাজ্য ! লোকসেৱাৰ পৰীক্ষা পাতিলে চৰকাৰে লক ডাউন দিব নেকি ? প্ৰশ্ন ৰিপুণ বৰাৰ ...

মহম্মদ বিন টোগলকৰ নিচিনাকৈ চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ নামত ইন্টাৰনেট কাটি কি বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই।

  • Share this:
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টি কৰিছে কাৰ্য্যত একো কৰিব নাই। সকলো দিশতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হৈছে। এই অভিযোগ উত্থাপন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ৰিপুন বৰাৰ মতে মহম্মদ বিন টোগলকৰ নিচিনাকৈ চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। ইফালে মোবাইল নেটৱৰ্ক বন্ধ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে বুলি কয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। পৰিক্ষাৰ নামত ইন্টাৰনেট কাটি কি বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই। ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰাইজক পনবন্দী কৰি ইন্টাৰনেট সেৱা কাটি দিয়াৰ অভিযোগ তোলে তৃণমূল কংগ্ৰেছে ।

পৰীক্ষাৰ নামত নেট কাটি দিয়াত ভাৰতবৰ্ষৰ ভিতৰতে অসমেই প্ৰথম ৰাজ্য। দেশৰ জৰুৰীকালীন সংকটৰ সময়তহে ইন্টাৰনেট সেৱা কৰ্তন কৰিব পাৰে বুলি কোৱা ৰিপুন বৰাই অসম লোকসেৱাৰ পৰীক্ষা পাতিলে কি ৰাজ্যত লক ডাউন দিব নেকি চৰকাৰে প্ৰশ্ন সোধে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি