অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সংবাদমেল অনুষ্ঠিত কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে।
অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সংবাদমেল অনুষ্ঠিত কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে।
অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সংবাদমেল অনুষ্ঠিত কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে। ৰিপুণ বৰাৰ মতে, বৰ্তমান চৰকাৰৰ সময়ত সকলো দিশতে ৰাজ্যৰ পুতৌ লগা অৱস্থা। এইখন চৰকাৰ ঋণলৈ চলি থকা ধৰুৱা চৰকাৰ বুলিও বিজেপিক সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুৰব্বী গৰাকীয়ে।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিবনুৱাক মাধমাৰ দিয়াৰ অভিযোগো উত্থাপন কৰে প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। চৰকাৰৰ বয়স এবছৰ হ'ল কিন্তু গণি গণি চাকৰি দিম বুলি কোৱাসকল ক'ত গ'ল বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই।
ইফালে অসম তৃণমূল কংগ্ৰেছক শক্তিশালী কৰৰ বাবে দূৰ্গা পূজাৰ পূৰ্বে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী গুৱাহাটীলৈ আহিব বুলি ৰিপুণ বৰাই জানিবলৈ দিয়ে। ৰিপুণ বৰাৰ মতে অসমত বিজেপিৰ বিকল্প হ'ব তৃণমূল কংগ্ৰেছ। কংগ্ৰেছৰ ভৱিষ্যত সম্পৰ্কত কোনোধৰণৰ মন্তব্য নিদিয়া ৰিপুণ বৰাই অৱশ্যে কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলি আছে বুলি কয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|